অসম লাইভ ২৪ : আজিৰ দিনত মাত্ৰ ৫ টকাৰ উদৰ পুৰাই এসাঁজ ভাত ক’ত পাব? ঘৰতে ৰান্ধি খালেও তাতকৈ বেছি ব্যয় হয় এসাঁজ ভাতত। ২০১৩ চনতে অসমৰ এগৰাকী মন্ত্ৰীয়ে আঢ়ৈ টকাত এসাঁজ ভাত খাব পাৰি বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰিছিল। আঢ়ৈ টকাত নহ’লেও ৫ টকাত এসাঁজ ভাতৰ ব্যৱস্থা কৰা হৈছিল তামিলনাডুৰ ‘আম্মা কেণ্টিন’ত। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এইবাৰ পশ্চিমবংগত মমতা বেনাৰ্জীয়ে আৰম্ভ কৰিছে ‘মা’ নামৰ অনুৰূপ এক আঁচনি। মমতা বেনাৰ্জীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আৰম্ভ কৰা এই আঁচনিত ৫ টকাতে এসাঁজ ভাত খাব পাৰিব পশ্চিমবংগবাসীয়ে। ৫ টকীয়া ভাত সাঁজত থাকিব ভাত, দাইল, চবজি আৰু এফাল কণীৰ তৰকাৰী। ‘মা’ আঁচনিৰ খাদ্য বিতৰণ কেন্দ্ৰসমূহ দিনৰ ১ বজাৰ পৰা আবেলি ৩ বজালৈ খোলা থাকিব। ৰাজ্য চৰকাৰে প্ৰতিসাঁজ ভাতত ১৫ টকাৰ ৰাজসাহায্য দিব আৰু গ্ৰাহকে দিব লাগিব ৫ টকা। এই আঁচনিৰ বাবে নিৰ্বাচনৰ প্ৰাকক্ষণত মমতা চৰকাৰে আবণ্টন দিছে ১০০০ কোটি টকা। মুকলিৰ দিনটোত কলকাতা, মালডা, দক্ষিণ দিনাজপুৰ, পশ্চিম মেদিনীপুৰ আৰু হাওৰা জিলাত ‘মা পাকঘৰ’ আৰম্ভ কৰা হৈছে। পৰৱৰ্তী সময়ত সমগ্ৰ ৰাজ্যজুৰি এই আঁচনিৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব বুলি প্ৰকাশ কৰিছে মমতা চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















