অসম লাইভ২৪ঃ জুবিন গাৰ্গ নামেই পৰিচয়৷ ডেকা বুঢ়াৰ পৰা শিশুলৈ সকলোৰে মনত জুবিন বুলিলেই অন্য এক শিঁহৰণ৷ গানেই জুবিনৰ জীৱন, গানেই জুবিনৰ পৰিচয়৷ জুবিনক ব্যক্তিগতভাৱে লগ নাপালেও জুবিন বুলিলেই অন্য এক আৱেগ পুহি ৰাখে অসমৰ প্ৰায় প্ৰতিজন লোকেই৷ এইবাৰো পূৰ্বৰ ধাৰাৰেই অসমৰ চুকে-কোণে বিহুৰ মঞ্চত আছে জুবিনৰ সংগীতানুষ্ঠান৷
মাজৰ কেইটামান বছৰত জুবিনৰ কণ্ঠত পূৰ্বৰ সেই মসৃণতা পোৱা নাছিল যদিও এইবাৰ অসমবাসীয়ে ৯০ৰ দশকৰ সেই যৌৱনাদীপ্ত জুবিনজনক উভতাই পাইছে৷ জুবিনে কথা গানেৰে মুগ্ধ কৰিছে প্ৰতিজন বিহুপ্ৰেমী অসমীয়াক৷ বুধবাৰৰ নিশাও অন্যদিনাৰ দৰেই শৃংখলাবদ্ধ ভাৱে জুবিনে শিৱসাগৰত সংগীতানুষ্ঠান কৰিছে৷ গীতৰ মাজে মাজে স্বভাৱসুুলভ কিছু কথা৷
ধেমালিৰ মাজতেই শিৱসাগৰৰ বিহুপ্ৰেমী জনতাক জুবিনে সুধিছিল জুবিন নামৰ অৰ্থ৷ কোনে ক’ব পাৰিব জুবিন মানে কি? কোনেও কিন্তু গুগলত চাই নকব বুলি সঁকিয়াইয়ো দিছিল৷ ৰাইজে কি কৈছিল সেয়া শুনিবলৈ পোৱা নগ’ল যদিও জুবিনে নিজেই ইয়াৰ উত্তৰত ক’লে, ‘জুবিন মানে তৰোৱাল৷ পাৰ্চী ভাষাত তৰোৱালক জুবিন বুলি কয়৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ