অসম লাইভ২৪ঃ অন্য জাতৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়াৰ বাবে পিতৃ-মাতৃয়ে হত্যা কৰিলে দুই কন্যাক। মৃত দুই কন্যাৰ কাষত বহি অকপটে হত্যাৰ স্বীকাৰোক্তিও দিছে মাতৃয়ে।
ঘটনাটো বিহাৰৰ হাজিপুৰ এলেকাৰ। মৃত দুই তৰুণীৰ এগৰাকীৰ বয়স আছিল ১৮ বছৰ আৰু আনগৰাকীৰ বয়স মাত্ৰ ১৬ বছৰ। ঘৰৰ বিচনাৰ পৰা দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি দুই মৃতদেহৰ কাষতেই বহি আছিল মাতৃও। তেওঁ এই সন্দৰ্ভত আৰক্ষীৰ সন্মুখত অকপটেই কয় যে ছোৱালী দুজনীক তেওঁ আৰু তেওঁৰ স্বামীয়ে মিলিয়েই হত্যা কৰিছে।
আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদন মতে অভিযুক্ত মহিলাগৰাকীৰ নাম ৰিংকু দেৱী। তেওঁৰ স্বামী নৰেশ বৈঠা বৰ্তমানো পলাতক। তেওঁলোকৰ দুই কন্যাই অন্য জাতৰ যুৱকৰ সৈতে প্ৰেম কৰিছিল। পৰিয়ালৰ অমতত গৈ দুই কন্যাই প্ৰেম কৰি আহিছিল যাৰ বাবেই এই সিদ্ধান্ত লয় ৰিংকু সিং আৰু নৰেশে।
দুই কন্যাৰ ওপৰত খং কৰিয়েই এই সিদ্ধান্ত ল’লে পিতৃ-মাতৃয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি দুই কন্যা শুই থাকোতেই আক্ৰমণ কৰি হত্যা কৰা হৈছে। মাতৃ ৰিংকুৱে প্ৰকাশ কৰা অনুসৰি পিতৃয়েই হত্যা কৰিছে দুই কন্যাক। তেওঁ কেৱল এই হত্যাত সহযোগীতাহে কৰিছিল। ইতিমধ্যে এই হত্যাৰ অপৰাধত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিংকু সিঙক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ