অসম লাইভ২৪ঃ বিৰোধী দলে ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ ন ন ৰণকৌশল তৈয়াৰত ব্যস্ত হৈ পৰিছে। বাংগালুৰুত আজি পুনৰ লগ হৈছে বিৰোধী দলৰ নেতাসকল। ইয়াৰ মাজতেই কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা ঈশ্বৰ খণ্ডেই কৰিছে বিশেষ ভৱিষ্যতবাণী। ২০২৪ চনত মহাজোঁটবন্ধনেই লোকসভাত সংখ্যাগৰিষ্ট আসন দখল কৰিব। ভাৰতীয় জনতা পাৰ্টীয়ে দেশৰ পৰা বিদায় মাগিব। নতুন চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’ব ৰাহুল গান্ধীয়ে।
বিৰোধী মহাজোঁটৰ বৈঠকৰ পূৰ্বেই সংবাদমাধ্যমৰ সন্মুখত দিয়া মন্তব্যত এই কথা প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ঈশ্বৰ খণ্ডেই। তেওঁ লগতে কয় যে, কৰ্ণাটকত যেনেকৈ বিজেপিক বিদায় দিয়া হ’ল তেনেকৈয়ে দেশৰ পৰা বিদায় দিয়া হ’ব বিজেপি দলক। আগন্তুক লোকসভা নিৰ্বাচনত দেশৰ জনতাই বিজেপিক উচিত প্ৰত্তুত্ত্যৰ দিব বুলিও মন্তব্যত প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
দিল্লী এৰি বাংগালুৰুত কিয় একগোট হৈছে বিৰোধী?
ভাজপা নেতৃত্বাধীন এনডিএ চৰকাৰক ওফৰাবৰ বাবে একগোট হৈছে ২৬টা বিৰোধী দল। ১৭ আৰু ১৮ জুলাইত দুদিনীয়া কাৰ্যসূচী হাতত লৈ উপস্থিত হৈছে এজনৰ পাছত আনজন বিৰোধী নেতা। বৈঠকত অৰবিন্দ কেজৰিৱাল, এম কে ষ্টেলিন, ছোনীয়া গান্ধী, ৰাহুল গান্ধী, নীতিশ কুমাৰ, তেজস্বী যাদৱকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত হৈছে বাংগালুৰুত। সূত্ৰৰ খবৰ অনুসৰি দুদিনীয়া বৈঠকত ২০২৪ চনত চীটৰ ভাগ বটোৱাৰা, ইভিএম আদি বিষয়ক লৈ দেশৰ ৰাজনৈতিক স্থিতিৰ ওপৰতো চৰ্চা চলিব এই বৈঠকত।
বিজেপিয়ে এই মহাজোঁটবন্ধনক লৈ কি ক’লে?
বিৰোধী মহাজোঁটৰ মিটিঙক উপলুঙা কৰিছে কৰ্ণাটকৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বুম্মাই। ‘বিৰোধীয়ে মহাজোঁট কৰিছে কৰক। আমি বাধা দিয়া নাই। বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈ তেওঁলোকে একো কৰিব নোৱাৰে। শূন্যৰ সৈতে শূন্য যোগ হ’লে ফলাফল সদায়ে শূন্যই হয়। বিৰোধীয়ে যি মহাজোঁটবন্ধন কৰিছে এয়া বন্ধন নহয়। তেওঁলোকৰ একমাত্ৰ উদ্দেশ্যই হৈছে প্ৰধানমন্ত্ৰী মোদীক হৰুওৱা। যি একেবাৰেই অসম্ভৱ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ