অসম লাইভ২৪ঃ কিছুদিন পূৰ্বে বিখ্যাত বলীউড অভিনেতা, ৰাজনীতিবিদ, ক্ৰীড়া তাৰকাৰ ব্লু টিক আঁতৰাই দিয়াক লৈ অব্যাহত আছে চৰ্চা৷ টুইটাৰ এলন মাস্কে লোৱাৰ পৰাই এটাৰ পিছত আনটো সালসলনি৷ ধন পৰিশোধ নকৰিলে ব্লু টিক আঁতৰাই দিয়াৰ সিদ্ধান্ত ল’লে এলন মাস্কে৷ ব্লু টিক আঁতৰাই দিয়াৰ তালিকাত আছে অমিতাভ বচ্চন, শ্বাহৰুখ খান, দীপিকা পাডুকন, আলিয়া ভাট্ট, বিৰাট কোহলী আৰু ৰাহুল গান্ধীকে ধৰি বহু জনপ্ৰিয় লোকো৷ বেছ কিছু সালসলনিয়েই ঘটিছে টুইটাৰত৷ ২০ এপ্ৰিলৰ পৰা ধন পৰিশোধ নকৰা সকলো ব্লু টিক উঠাই দিছে মাস্কে৷ এই ব্লু টিক উভতাই পাবৰ বাবে ধন পৰিশোধৰ কথাও কৈছে মাস্কে৷ কিন্তু কেইজনমান অভিনেতাৰ ক্ষেত্ৰত টুইটাৰে কৰিছে বিশেষ কিছু খেলিমেলিও৷ অমিতাভ বচ্চন, আলিয়া ভাট্টৰ দৰে কেইগৰাকীমান তাৰকাই ব্লু টিকৰ বাবে ছাবস্ক্ৰিপশ্ব্যন লোৱাৰ পাছতো ব্লু টিক আঁতৰাই দিয়া হৈছে৷ কিন্তু ভুলবশত টুইটাৰে এই ব্লু টিক আঁতৰাই পেলাইছিল যদিও পাছলৈ এই ব্লু টিক ওভতাই দিয়ে৷
ইপিনে ব্লু টিক পায়েই টুইটাৰৰ চিইঅ’ এলন মাস্ককল ধন্যবাদ জনাইছে বিগবী অমিতাভ বচ্চনে৷ টুইটাৰত ব্লু টিক পাবৰ বাবে এজন ব্যক্তিয়ে এতিয়াৰে পৰা পৰিশোধ কৰিব লাগিব মাহে ৯০০ কৈ টকা৷ এয়া কিন্তু মোবাইলত টুইটাৰ একাউণ্ট থকাসকলৰ বাবেহে৷ আনহাতে ডেস্কটপত টুইটাৰ ইউজাৰকাৰীসকলে প্ৰতিমাহে ৬৫০ টকাকৈ বছৰি ৬৮০০ টকা দিব লাগিব৷ মৃত চেলিব্ৰিটিসকলৰ টুইটাৰ একাউণ্টৰ পৰা ব্লু টিক আঁতৰাই দিয়া হৈছিল যদিও অৱশেষত তেওঁলোকৰ একাউণ্টৰ ব্লু টিক উভতাই দিছে মাস্কে৷ প্ৰকৃততে এটা ব্লু টিকো চেলিব্ৰিটিসকলৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ৷ কিয়নো এজন চেলিব্ৰিটিৰ নামত বহুতেই ভুৱা একাউণ্টো খুলে৷ সেই ভুৱা একাউণ্টৰ পৰা যিকোনো পষ্টো শ্বেয়াৰ কৰে৷ তেনেক্ষেত্ৰত ব্লু টিকে প্ৰফাইলটো প্ৰকৃত হয়নে নকল সেয়া চিনাক্তকৰণত সহায় কৰে৷ হঠাতেই মাস্কে লোৱা এই সিদ্ধান্তই বহুসংখ্যক চেলিব্ৰিটি আৰু ৰাজনীতিবিদক বিপদত পেলোৱাও পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ