অসম লাইভ ২৪ঃ খেলুৱৈসকলৰ বেয়া প্ৰদর্শনৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্যক বিশেষকৈ জীৱনসংগীক খেলুৱৈপ্ৰেমীয়ে দায়ী কৰে। বিৰাট কোহলী, পত্নী অনুষ্কা শর্মা তাৰ জলন্ত উদাহৰণ। বিৰাট কোহলীৰ বেয়া প্ৰদর্শনৰ বাবে এদল ক্ৰিকেটপ্ৰেমীয়ে অনুষ্কাৰ সান্নিধ্যক দায়ী কৰিছিল। এইবাৰ ক্ৰিকেটপ্ৰেমীৰ আক্ৰোশৰ বলি হ’ল ধোনীকন্যা কণমানি জীভা। আইপিএলৰ ক্ৰিকেট মেচত ধোনীৰ বেয়া প্ৰদর্শনৰ বাবে কন্যা জীভাক দিয়া হ’ল ধর্ষণৰ ভাবুকি। ছ’চিয়েল মিডিয়াত বর্বৰ এই মানসিকতাৰ পৰিচয় দিলে এদল ক্ৰিকেটপ্ৰেমীয়ে। ধোনী আৰু তেওঁৰ পত্নী সাক্ষীৰ বিভিন্ন পোষ্টত এনেধৰণৰ একাধিক ভাবুকিপূর্ণ কমেণ্ট কৰিছে একাধিক চাইবাৰ অপৰাধীয়ে। পিতৃৰ বেয়া প্ৰদর্শনৰ বাবে কেনেকৈ কণমানি কন্যা অপৰাধীৰ আক্ৰোশৰ বলি হৈছে, তাক লৈ চিন্তিত হৈ পৰিছে সচেতন লোকসকল। চাইবাৰ অপৰাধীৰ এনেধৰণৰ কু-কার্যৰ প্ৰতিবাদ জনাইছে সচেতন লোকসকলে। অধিকসংখ্যকেই ছ’চিয়েল মিডিয়াত এনেধৰণৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে। উল্লেখযোগ্য যে সম্প্ৰতি আইপিএলৰ মেচত মাত্ৰ ১০ ৰাণত কলকাতা নাইট ৰাইডার্ছৰ ওচৰত পৰাজয়বৰণ কৰে ধোনীৰ চেন্নাই ছুপাৰ কিংছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ