অসম লাইভ ২৪ঃ ক’ৰোনা সংক্ৰমণৰ মাজতে বিশ্বজুৰি ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে। আফ্ৰিকাৰ নাইজেৰিয়াত ধৰ্ষণকাৰীৰ বিৰুদ্ধে নতুন আইন বলৱৎ। সেই আইন মতে ধৰ্ষণৰ অভিযোগত কোনো দোষী সাব্যস্ত হ’লে তেওঁৰ পুৰুষাংগ অস্ত্ৰোপচাৰ কৰি নপুংসক কৰি দিয়া হ’ব। এই নতুন আইন বলৱৎ হৈছে নাইজেৰিয়াৰ কাদুনা প্ৰদেশত। ধৰ্ষণৰ দৰে জঘন্য অপৰাধ ৰোধ কৰিবলৈ বৃহস্পতিবাৰে এই কঠোৰ আইন বলৱৎ কৰিলে নাইজেৰিয়াৰ কাদুনা ৰাজ্যৰ ৰাজ্যপাল নাছিৰ আহমেদ আলৰুফাই। কেৱল সেয়াই নহয়, কোনোৱে যদি শিশু বা ১৪ বছৰৰ তলৰ কিশোৰীক ধৰ্ষণ কৰে তেওঁৰ শাস্তি হ’ব মৃত্যুদণ্ড।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ