• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন শিক্ষা নীতি, EIA প্ৰত্যাহাৰৰ দাবী

নতুন শিক্ষা নীতি, EIA প্ৰত্যাহাৰৰ দাবী

6 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

1 hour ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

2 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

3 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

3 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

5 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

6 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

6 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

7 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

8 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নতুন শিক্ষা নীতি, EIA প্ৰত্যাহাৰৰ দাবী

আইছা-আৰ ৱাই এৰ ৰাজ্যজোৰা প্ৰতিবাদ

editor by editor
August 2, 2020
in অসম, শিক্ষা
0
নতুন শিক্ষা নীতি, EIA প্ৰত্যাহাৰৰ দাবী
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নিখিল ভাৰত ছাত্ৰ সন্থা(AISA) আৰু বিপ্লৱী যুৱ সন্থা(RYA)ই  শনিবাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত নতুন শিক্ষা নীতি(NEP) আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা(EIA Draft 2020) ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিহালী, মৰিয়নী, টিংখাং, তিনিচুকীয়া আদিত মানৱ শৃংখল কাৰ্যসূচী হোৱাৰ লগতে গুৱাহাটী,  নলবাৰী, বৰপেটা আদিত ছাত্ৰ-ছাত্ৰীয়ে লক ডাউনৰ বাবে ঘৰৰ পৰাই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বাতিল কৰক, পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা (EIA Draft 2020) বাতিল কৰক, ৰাজহুৱা শিক্ষানুষ্ঠান ৰক্ষা কৰক, শিক্ষাৰ ব্যৱসায়ীকৰণ কৰা ষড়যন্ত্ৰ বাতিল কৰক, অসমৰ প্ৰাকৃতিক সম্পদ ৰক্ষা কৰক, পৰিৱেশ ৰক্ষা কৰক ইত্যাদি বিভিন্ন শ্ল’গানেৰে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এক প্ৰেছ বিজ্ঞপ্তিযোগে আইছাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ আৰু সম্পাদক ধনঞ্জয় দাস, বিপ্লৱী যুৱ সন্থাৰ আহ্বায়ক নোমল চাওৰা, পৰিমল গোড়য়ে কয় যে বিজেপি চৰকাৰে কৰ্প’ৰেট গোষ্ঠী, বৃহৎ পুঁজিপতি ব্যৱসায়িক গোষ্ঠীৰ স্বাৰ্থত ২০০৬ চনৰ পৰিৱেশ প্ৰভাৱ নিৰূপণ আইনখন সলনি কৰিবলৈ পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা জাৰি কৰিছে যাতে কৰ্প’ৰেট গোষ্ঠী, বৃহৎ পুঁজিপতিসকলে মুনাফা আহৰণৰ স্বাৰ্থত বাধাহীনভাৱে পৰিৱেশ, জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিব পাৰে আৰু প্ৰাকৃতিক সম্পদ ধ্বংস কৰিব পাৰে। এই অধিসূচনা আইনত পৰিণত হ’লে উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ প্ৰাকৃতিক সম্পদেৰে চহকী অসম কৰ্প’ৰেট গোষ্ঠীৰ লুণ্ঠনৰ চৰণীয়া পথাৰত পৰিণত হব, প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ ফলত পৰিৱেশ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিব। দিহিং পাটকাই কয়লা খনন, বাঘজানৰ তেলখাদৰ বিস্ফোৰণ, সোৱণশিৰিৰ বৃহৎ নদীবান্ধ আদিৰ দৰে পৰিৱেশ জৈৱ-বৈচিত্ৰ্য ধ্বংসকাৰী লুণ্ঠনক আইনসংগত কৰিব, ইয়াত অসমৰ জনগণৰ মাত মতাৰ কোনো অধিকাৰ নাথাকিব। সেয়ে এই অধিসূচনাই অসমলৈ ভয়াৱহ বিপদ নমাই আনিছে। আনহাতে দেশৰ সংবিধান, সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাক উলংঘা কৰি আৰু দেশৰ শৈক্ষিক সমাজ, ছাত্ৰ সমাজকে ধৰি ৰাইজৰ প্ৰৱল বিৰোধিতা, জনমতক নাকচ কৰি মোদী চৰকাৰৰ কেবিনেটে গৃহীত কৰা নতুন শিক্ষা নীতিয়ে এহাতেদি শিক্ষাৰ বাণিজ্যিকীকৰণ, কৰ্প’ৰেটাইজ কৰিব, মেধা শক্তিৰ বিকাশ ৰুদ্ধ কৰিব অৰ্থাৎ বিত্তবান হ’লে যিকোনো উচ্চ শিক্ষাৰ প্ৰমাণ পত্ৰ লাভ কৰাটোক সহজসাধ্য কৰিব তুলিব আৰু ৰাজহুৱা শিক্ষা আৰু ব্যক্তিগত খণ্ডৰ শিক্ষাৰ মাজৰ পাৰ্থক্য বিলোপৰ জৰিয়তে ৰাজহুৱা শিক্ষা ব্যৱস্থাক বিলোপ কৰিব, দৰিদ্ৰ পৰিয়ালৰ সন্তানক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব আৰু চৰকাৰী পুঁজি ব্যক্তিগত খণ্ডৰ কৰ্প’ৰেট নিয়ন্ত্ৰিত শিক্ষাৰ স্বাৰ্থত বিনিয়োগৰ পথ প্ৰশস্ত কৰিব। আনহাতে পাঠ্যক্ৰমৰ পৰিৱৰ্তন ঘটাই শিক্ষাৰ গেৰুৱাকৰণ কৰিব। সেয়ে আইছা আৰু বিপ্লৱী যুৱ সন্থাই নতুন শিক্ষা নীতি আৰু পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা ২০২০ বাতিলৰ দাবীত যুৱ ছাত্ৰ সমাজক ঐক্যবদ্ধ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aisanew education policy 2020ryf
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Next Post
UNLOCKৰ নতুন নিৰ্দেশনা

UNLOCKৰ নতুন নিৰ্দেশনা

ক’ৰোনামুক্ত হ’ল অমিতাভ বচ্চন

ক’ৰোনামুক্ত হ’ল অমিতাভ বচ্চন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.