UNLOCKৰ নতুন নিৰ্দেশনাঃ
- আজি সন্ধিয়াৰ পৰা ৰাজ্যত বলৱৎ নতুন নিৰ্দেশনা
- ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা
- সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈ হ’ব বলৱৎ
- ৰাজ্যত শ্বপিং মল, জীম সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা
- পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান
- গুৱাহাটীত পথৰ এটা ফালৰ শ্বপিং মল, জীম খোলা
- শনি আৰু দেওবাৰৰ বাদে হোটেল, ৰেস্তোৰাঁ খোলা
- সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত খোলা
- ১০০% কৰ্মচাৰীৰে খুলিব পাৰিব ব্যক্তিগত, চৰকাৰী কাৰ্যালয়
- শাৰীৰিক দূৰত্ব ৰক্ষা কৰি খেলা-ধূলাৰ অনুমতি
- জনসমাগম হ’ব পৰা সকলো কাৰ্যসূচী বন্ধ
- ৰাজনৈতিক, সামাজিক, ধৰ্মীয়, ক্ৰীড়াৰ সমাৱেশ বন্ধ
- চিনেমা হল, ছুইমিং পুল, ৰাজহুৱা অনুষ্ঠান, প্ৰেক্ষাগৃহ বন্ধ
- বন্ধ থাকিব বিনোদন গৃহ, বাৰ
- সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ ঘূৰা-ফুৰা নিষিদ্ধ
- কোনো লোকে শনিবাৰ আৰু দেওবাৰে ঘূৰা-ফুৰা কৰিব নোৱাৰিব
- ৬৫ বছ ঊৰ্ধ্বৰ লোকৰ বাহিৰত ঘূৰা-ফুৰা নিষেধ
- ১০ বছৰৰ তলৰ শিশুৰো বাহিৰত ঘূৰা-ফুৰা নিষেধ
- ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যাতামূলক
- মাস্ক নিপিন্ধিলে এহেজাৰ টকাৰ জৰিমনা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ