অসম লাইভ২৪ঃ
নাগপুৰ টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহৎ জয় টীম ইণ্ডিয়াৰ।
প্ৰথমখন টেষ্টত পেট কেমিংছৰ নেতৃত্বাধীন কেংগাৰু বাহিনীক ১৩২ ৰানত পৰাস্ত কৰি চাৰিখনীয়া শৃংখলাত ১–০ৰ অগ্ৰগতি ভাৰতীয় দলৰ৷
প্ৰথম ইনিংছত ১৭৭ ৰান আউট হোৱা দলটোৱে দ্বিতীয় ইনিংছত ৯১ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ আৰ অশ্বিন আৰু জাদেজাৰ সুন্দৰ বলিঙে দৃষ্টি কাঢ়িছে বহুতৰেই৷
টীম ইণ্ডিয়াই প্ৰথম ইনিংছত ৪০০ ৰান কৰাৰ পিছত ২২৩ ৰানৰ অগ্ৰগতি লাভ কৰে।
দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই একেৰাহে উইকেট হেৰুৱায়।
ফলস্বৰূপে, দলটোৱে তৃতীয় দিনাও লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ব লগা হয়।
ৰোহিত, জাদেজা আৰু অক্ষৰে সুন্দৰ বেটিং প্ৰশংসনীয়।
ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত দলটোক নেতৃত্ব দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ