অসম লাইভ২৪ঃ দাৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। প্ৰকৃত মেধাৰ সন্মুখত কোনো বাধাই হেঙাৰ নহয়। কালি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত সেই কথাই প্ৰমাণ কৰি দেখুৱালে বটদ্ৰৱাৰ আলম গনী আৰু আঞ্জুমা বেগমৰ কন্যা আৰজিনা নাছৰিণে। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে আঞ্জুমাই।
ভিজন একাডেমী চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আঞ্জুমা। অসমীয়া, ৰাজনীতি বিজ্ঞান, ভূগোল, সমাজতত্ব আৰু শিক্ষা বিষয়ত লেটাৰ নম্বৰসহ ৮৩.২৩ শতাংশ পাই অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছে আঞ্জুমাই। অমায়িক আৰু মেধাৱী ছাত্রীগৰাকীৰ পিতৃ এজন ফেৰীৱালা, মানুহৰ চোতালে চোতালে প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰি কোনোমতে পৰিয়ালটো পোহপাল দিছে পিতৃয়ে।
ইপিনে সুখ্যাতিৰে উত্তীৰ্ণ আঞ্জুমাই ভৱিষ্যতে এগৰাকী প্রশাসনিক বিষয়া হোৱাৰ সপোন পুঁহি ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ