ভূমিৰ অধিকাৰৰ সুৰক্ষাইহে এটা জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰে। এই সত্যটো অসমৰ খিলঞ্জীয়া সমাজক নতুনকৈ সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। আজি স্বাধীনতাৰ ৭২ বছৰৰ পাছত অসমৰ মানুহে ভূমিৰ ওপৰত অধিকাৰ বিচাৰি ৰাজপথলৈ আহিব লগা কথাটোৱেই আমাৰ জাতীয় সংকটৰ গভীৰতালৈ আঙুলিয়াই। অসমৰ খিলঞ্জীয়া মানুহ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ঔপনিৱেশিক আমোলতে। আমাৰ আটাইতকৈ উন্নত মানৰ ভূমিৰ মালিকানা গৈছিল ইউৰোপীয় চাহ খেতিয়কৰ হাতলৈ। বৃহৎ পৰিসৰৰ ভূমিৰ গৰাকী হৈছিল প্ৰব্ৰজিত কৃষক। ভূমিৰ অধিকাৰ হেৰুৱাৰ কথাটোৱে অসমৰ মানুহৰ মনত সৃষ্টি কৰা শংকাৰ কথাটো ১৯৩৭ চনত অসমীয়া সংৰক্ষণী সভাই তদানীন্তন কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক দিয়া পত্ৰখন পঢ়িলেই উপলব্ধি কৰিব পাৰোঁ।
ভূমিৰ সুৰক্ষাৰ প্ৰশ্নটো জৰুৰী আছিল বাবেই অসমৰ ভূমি আৰু ৰাজহ অধিনিয়মত ১০ নং অধ্যায়ৰ সংযোজনেৰে জনজাতীয় ভূমিৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছিল। এই অধিনিয়মত সংযোজিত ৬ নং কার্যকৰী নির্দেশনা (Executive Instruction)ৰ দ্বাৰা কৃষিভূমিৰ হস্তান্তৰকৰণ বন্ধ কৰা হৈছিল।ইয়াত কোৱা হৈছিল- “Restriction on transfer of periodic khiraj Leases: Periodic Khiraj Leases issued after the 27th September, 1919 contain a clause which forbids transfer, if the holder is a professional cultivator, to a person who is not a professional cultivator, without the previous sanction of the Deputy Commissioner.
After considering all circumstances, Government have consented to the enforcement of the clause or all district where the Assam Land and Revenue Regulation in force to proven land passing on a large scale from cultivators to speculations and non cultivators.” মুনাফাখোৰ বণিয়াৰ পৰা সুৰক্ষা দিয়াটো আছিল এই সিদ্ধান্তৰ অন্যতম কাৰণ। আৰু মুনাফাখোৰ বণিয়াসকল কোন, সেই বিষয়ে দোহৰাৰ প্ৰয়োজন নাই। কেৱল সেয়াই নহয়, পৰৱর্তী সময়তো চৰকাৰে সময়ে সময়ে ঘোষণা কৰা ভূমি নীতিসমূহত এই নীতিৰ উল্লেখ আছে। তদুপৰি ২০১৫ চনত প্ৰকাশিত এক জাননীৰ দ্বাৰাও চৰকাৰে কৃষিভূমিৰ শ্ৰেণী পৰিৱর্তন বন্ধ কৰিছিল। বাৰে বাৰে চৰকাৰে এই সিদ্ধান্তটো দোহাৰিব লগা হোৱা কথাটোৱেই এনে ধৰণৰ ভূমিৰ শ্ৰেণী পৰিৱর্তনৰ ব্যাপকতাটোকে আঙুলিয়াই দিয়ে।
সি যি কি নহওক, চৰকাৰী আইন-কানুন, নীতি দলিয়াই পেলাই শেহতীয়াকৈ অসম কেবিনেটে ভূমিৰ শ্ৰেণী পৰিৱর্তনৰ প্ৰক্ৰিয়াক স্বয়ংক্ৰিয় কৰাৰ বাবে অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত ল’লে। কোৱা হ’ল উদ্যোগ স্থাপনৰ বাবে যিকোনো ঠাইতে যিকোনো ভূমি ক্ৰয় কৰিলে স্বয়ংক্ৰিয়ভাৱে সেই ভূমিৰ শ্ৰেণী পৰিৱর্তন হ’ব। চৰকাৰৰ এই সিদ্ধান্ত খিলঞ্জীয়া বিৰোধী, অসমীয়া বিৰোধী আৰু কৃষক বিৰোধী। এই সিদ্ধান্ত কার্যকৰী হোৱাৰ লগে লগে খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ প্ৰশ্নটো আকাশ কুসুম হৈ ৰ’ব।
কিয় এই সিদ্ধান্ত ভুল? ‘উদ্যোগ’ শব্দটো আমি কিদৰে সংজ্ঞায়িত কৰিম? প্ৰথম প্ৰশ্ন হ’ল সেইটো, এটা ধান বনা কল, শিল ভঙা মেচিনো উদ্যোগত পৰে আৰু ডাঙৰ কাৰখানা এটাও পৰে। এতিয়া কালিলৈ কোনোবাই ধান বনা কল, শিল ভঙা মেচিন আদি উদ্যোগৰ বাবেও কৃষি ভূমি ক্ৰয় কৰিব পাৰে আৰু পৰৱর্তী সময়ত ভূমিৰ শ্ৰেণী পৰিৱর্তন হোৱাৰ পাছত ‘উদ্যোগ’ৰ লোকচানৰ বাবে বন্ধ কৰি সেই ভূমি ফালেঙি (Speculative) ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ইতিমধ্যে অসমৰ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষৰ প্ৰায়বোৰ কৃষি ভূমিয়েই অনা-অসমীয়া বণিয়াৰ দখলত। এই কৃষি ভূমি কেৱল উদ্যোগ স্থাপনৰ বাবে ক্ৰয় কৰা হৈছে বুলি ঘোষণা দি এতিয়া তাৰ শ্ৰেণী পৰিৱর্তন ঘটাব পাৰিব। অর্থাৎ এই অধ্যাদেশৰ দ্বাৰা ভূমিৰ হস্তান্তৰ সহজ আৰু সুলভ কৰি দিলে চৰকাৰে। সঁচাকৈয়ে যদি চৰকাৰখন অসমৰ ঔদ্যেগিক উন্নয়নৰ প্ৰতি দায়বদ্ধ; তেনেক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে বন্ধ হৈ যোৱা উদ্যোগসমূহক পুনৰ জীৱন দিয়াৰ বাবে চেষ্টা কৰিব লাগিছিল। কিন্তু তেনে কোনো প্ৰচেষ্টা এই পর্যন্ত আমাৰ চকুত পৰা নাই। তাকে নকৰি লৰালৰিকৈ পেনডেমিকৰ মাজত লোৱা সিদ্ধান্তই চৰকাৰী সিদ্ধান্তৰ আচল উদ্দেশ্য সম্পর্কে সন্দেহৰ সৃষ্টি কৰে।
অসমৰ ভূমিৰ সুৰক্ষাৰ বিষয়টো আজি অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ অংশ। ডাড়ি, কমা সলনি নকৰাকৈ গ্ৰহণ কৰিবলগীয়া প্ৰতি বেদনখন আজি ক’ত পৰি আছে আমি নাজানো। কিন্তু এটা কথা জানো যে এই প্ৰতিবেদনত খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ বাবে কিছু পৰামর্শ আছে। এই প্ৰতিবেদনৰ পৰামর্শৱলী কার্যকৰী কৰাৰ পূর্বে অস্বাভাৱিক খৰখেদাৰে এই অধ্যাদেশ জাৰি কৰিব বিচৰাৰ উদ্দেশ্যই হ’ল ৬ নং দফা সমিতিৰ পৰামর্শৱলীক বণিয়াৰ স্বার্থত বাঞ্চাল কৰা। যিটো সময়ত খিলঞ্জীয়া মানুহে ভূমি পট্টাৰ অভাৱত নিজৰ ভূমিৰ পৰা উচ্ছেদিত হ’ব লগা হৈছে, সেই সময়ত খিলঞ্জীয়া মানুহৰ ভূমিৰ সুৰক্ষা দিয়াৰ বাবে চৰকাৰী সিদ্ধান্ত নলৈ খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি অধিকাৰ যোৱাৰ পথ প্ৰশস্ত কৰাটো চৰকাৰখনৰ খিলঞ্জীয়া বিৰোধী চৰিত্ৰ স্পষ্ট কৰা নাইনে?
তৃতীয় গুৰুত্বপূর্ণ দিশটো হ’ল সিদ্ধান্তটো গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো। এনে এক গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ পূর্বে এক ৰাজহুৱা আলোচনাৰ প্ৰয়োজন নাছিলনে? অধ্যাদেশ জাৰি কৰাটো নিয়ম নহয়, ব্যতিক্ৰমহে। এক জৰুৰীকালীন পৰিস্থিতিক মোকাবিলা কৰাৰ বাবে সংসদ নবহা সময়ত অধ্যাদেশ জাৰি কৰা হয়। চৰকাৰৰ এই শেহতীয়া সিদ্ধান্তৰ দ্বাৰা এনে কি জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব বিচৰা হ’ল, যাৰ বাবে বিধানসভা বহাৰ বাবে চৰকাৰ ৰ’ব নোৱাৰিলে। নিঃসন্দেহে চৰকাৰে বিষয়টো সন্দর্ভত ৰাজহুৱা আলোচনা এৰাই চলিব বিচাৰিছে আৰু সেয়েহে পেনডেমিকক অজুহাতৰূপে লৈ অধ্যাদেশ জাৰি কৰিব বিচাৰিছে। কাৰণ, বিষয়টোৰ যিকোনো ধৰণৰ ৰাজহুৱা আলোচনাই চৰকাৰৰ প্ৰকৃত মতলব ৰাইজৰ আগত উদঙাই দিব।
( লেখক শান্তনু বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা )
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ