• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰসংগঃ কৃষিভূমিৰ শ্ৰেণী পৰিৱর্তনৰ চৰকাৰী সিদ্ধান্ত

প্ৰসংগঃ কৃষিভূমিৰ শ্ৰেণী পৰিৱর্তনৰ চৰকাৰী সিদ্ধান্ত

6 years ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

7 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

8 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

9 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

9 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

10 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

10 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

11 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

11 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

12 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

13 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

14 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

প্ৰসংগঃ কৃষিভূমিৰ শ্ৰেণী পৰিৱর্তনৰ চৰকাৰী সিদ্ধান্ত

খিলঞ্জীয়াই হেৰুৱাব ভূমিৰ অধিকাৰ

editor by editor
July 2, 2020
in লেখা
0
প্ৰসংগঃ কৃষিভূমিৰ শ্ৰেণী পৰিৱর্তনৰ চৰকাৰী সিদ্ধান্ত
436
SHARES
797
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভূমিৰ অধিকাৰৰ সুৰক্ষাইহে এটা জাতিৰ ভৱিষ‍্যৎ সুৰক্ষিত কৰিব পাৰে। এই সত‍্যটো অসমৰ খিলঞ্জীয়া সমাজক নতুনকৈ সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। আজি স্বাধীনতাৰ ৭২ বছৰৰ পাছত অসমৰ মানুহে ভূমিৰ ওপৰত অধিকাৰ বিচাৰি ৰাজপথলৈ আহিব লগা কথাটোৱেই আমাৰ জাতীয় সংকটৰ গভীৰতালৈ আঙুলিয়াই। অসমৰ খিলঞ্জীয়া মানুহ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ঔপনিৱেশিক আমোলতে। আমাৰ আটাইতকৈ উন্নত মানৰ ভূমিৰ মালিকানা গৈছিল ইউৰোপীয় চাহ খেতিয়কৰ হাতলৈ। বৃহৎ পৰিসৰৰ ভূমিৰ গৰাকী হৈছিল প্ৰব্ৰজিত কৃষক। ভূমিৰ অধিকাৰ হেৰুৱাৰ কথাটোৱে অসমৰ মানুহৰ মনত সৃষ্টি কৰা শংকাৰ কথাটো ১৯৩৭ চনত অসমীয়া সংৰক্ষণী সভাই তদানীন্তন কংগ্ৰেছ সভাপতি জৱাহৰলাল নেহৰুক দিয়া পত্ৰখন পঢ়িলেই উপলব্ধি কৰিব পাৰোঁ।

ভূমিৰ সুৰক্ষাৰ প্ৰশ্নটো জৰুৰী আছিল বাবেই অসমৰ ভূমি আৰু ৰাজহ অধিনিয়মত ১০ নং অধ‍্যায়ৰ সংযোজনেৰে জনজাতীয় ভূমিৰ সুৰক্ষাৰ ব‍্যৱস্থা কৰা হৈছিল। এই অধিনিয়মত সংযোজিত ৬ নং কার্যকৰী নির্দেশনা (Executive Instruction)ৰ দ্বাৰা কৃষিভূমিৰ হস্তান্তৰকৰণ বন্ধ কৰা হৈছিল।ইয়াত কোৱা হৈছিল- “Restriction on transfer of periodic khiraj Leases: Periodic Khiraj Leases issued after the 27th September, 1919 contain a clause which forbids transfer, if the holder is a professional cultivator, to a person who is not a professional cultivator, without the previous sanction of the Deputy Commissioner.

After considering all circumstances, Government have consented to the enforcement of the clause or all district where the Assam Land and Revenue Regulation in force to proven land passing on a large scale from cultivators to speculations and non cultivators.” মুনাফাখোৰ বণিয়াৰ পৰা সুৰক্ষা দিয়াটো আছিল এই সিদ্ধান্তৰ অন‍্যতম কাৰণ। আৰু মুনাফাখোৰ বণিয়াসকল কোন, সেই বিষয়ে দোহৰাৰ প্ৰয়োজন নাই। কেৱল সেয়াই নহয়, পৰৱর্তী সময়তো চৰকাৰে সময়ে সময়ে ঘোষণা কৰা ভূমি নীতিসমূহত এই নীতিৰ উল্লেখ আছে। তদুপৰি ২০১৫ চনত প্ৰকাশিত এক জাননীৰ দ্বাৰাও চৰকাৰে কৃষিভূমিৰ শ্ৰেণী পৰিৱর্তন বন্ধ কৰিছিল। বাৰে বাৰে চৰকাৰে এই সিদ্ধান্তটো দোহাৰিব লগা হোৱা কথাটোৱেই এনে ধৰণৰ ভূমিৰ শ্ৰেণী পৰিৱর্তনৰ ব‍্যাপকতাটোকে আঙুলিয়াই দিয়ে।

সি যি কি নহওক, চৰকাৰী আইন-কানুন, নীতি দলিয়াই পেলাই শেহতীয়াকৈ অসম কেবিনেটে ভূমিৰ শ্ৰেণী পৰিৱর্তনৰ প্ৰক্ৰিয়াক স্বয়ংক্ৰিয় কৰাৰ বাবে অধ‍্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত ল’লে। কোৱা হ’ল উদ‍্যোগ স্থাপনৰ বাবে যিকোনো ঠাইতে যিকোনো ভূমি ক্ৰয় কৰিলে স্বয়ংক্ৰিয়ভাৱে সেই ভূমিৰ শ্ৰেণী পৰিৱর্তন হ’ব। চৰকাৰৰ এই সিদ্ধান্ত খিলঞ্জীয়া বিৰোধী, অসমীয়া বিৰোধী আৰু কৃষক বিৰোধী। এই সিদ্ধান্ত কার্যকৰী হোৱাৰ লগে লগে খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ প্ৰশ্নটো আকাশ কুসুম হৈ ৰ’ব।

কিয় এই সিদ্ধান্ত ভুল? ‘উদ‍্যোগ’ শব্দটো আমি কিদৰে সংজ্ঞায়িত কৰিম? প্ৰথম প্ৰশ্ন হ’ল সেইটো, এটা ধান বনা কল, শিল ভঙা মেচিনো উদ‍্যোগত পৰে আৰু ডাঙৰ কাৰখানা এটাও পৰে। এতিয়া কালিলৈ কোনোবাই ধান বনা কল, শিল ভঙা মেচিন আদি উদ‍্যোগৰ বাবেও কৃষি ভূমি ক্ৰয় কৰিব পাৰে আৰু পৰৱর্তী সময়ত ভূমিৰ শ্ৰেণী পৰিৱর্তন হোৱাৰ পাছত ‘উদ‍্যোগ’ৰ লোকচানৰ বাবে বন্ধ কৰি সেই ভূমি ফালেঙি (Speculative) ব‍্যৱসায়ৰ বাবে ব‍্যৱহাৰ কৰিব পাৰে। ইতিমধ‍্যে অসমৰ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষৰ প্ৰায়বোৰ কৃষি ভূমিয়েই অনা-অসমীয়া বণিয়াৰ দখলত। এই কৃষি ভূমি কেৱল উদ‍্যোগ স্থাপনৰ বাবে ক্ৰয় কৰা হৈছে বুলি ঘোষণা দি এতিয়া তাৰ শ্ৰেণী পৰিৱর্তন ঘটাব পাৰিব। অর্থাৎ এই অধ‍্যাদেশৰ দ্বাৰা ভূমিৰ হস্তান্তৰ সহজ আৰু সুলভ কৰি দিলে চৰকাৰে। সঁচাকৈয়ে যদি চৰকাৰখন অসমৰ ঔদ‍্যেগিক উন্নয়নৰ প্ৰতি দায়বদ্ধ; তেনেক্ষেত্ৰত তেওঁলোকে ইতিমধ‍্যে বন্ধ হৈ যোৱা উদ‍্যোগসমূহক পুনৰ জীৱন দিয়াৰ বাবে চেষ্টা কৰিব লাগিছিল। কিন্তু তেনে কোনো প্ৰচেষ্টা এই পর্যন্ত আমাৰ চকুত পৰা নাই। তাকে নকৰি লৰালৰিকৈ পেনডেমিকৰ মাজত লোৱা সিদ্ধান্তই চৰকাৰী সিদ্ধান্তৰ আচল উদ্দেশ‍্য সম্পর্কে সন্দেহৰ সৃষ্টি কৰে।

অসমৰ ভূমিৰ সুৰক্ষাৰ বিষয়টো আজি অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ অংশ। ডাড়ি, কমা সলনি নকৰাকৈ গ্ৰহণ কৰিবলগীয়া প্ৰতি      বেদনখন আজি ক’ত পৰি আছে আমি নাজানো। কিন্তু এটা কথা জানো যে এই প্ৰতিবেদনত খিলঞ্জীয়াৰ ভূমি সুৰক্ষাৰ বাবে কিছু পৰামর্শ আছে। এই প্ৰতিবেদনৰ পৰামর্শৱলী কার্যকৰী কৰাৰ পূর্বে অস্বাভাৱিক খৰখেদাৰে এই অধ‍্যাদেশ জাৰি কৰিব বিচৰাৰ উদ্দেশ‍্যই হ’ল ৬ নং দফা সমিতিৰ পৰামর্শৱলীক বণিয়াৰ স্বার্থত বাঞ্চাল কৰা। যিটো সময়ত খিলঞ্জীয়া মানুহে ভূমি পট্টাৰ অভাৱত নিজৰ ভূমিৰ পৰা উচ্ছেদিত হ’ব লগা হৈছে, সেই সময়ত খিলঞ্জীয়া মানুহৰ ভূমিৰ সুৰক্ষা দিয়াৰ বাবে চৰকাৰী সিদ্ধান্ত নলৈ খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি অধিকাৰ যোৱাৰ পথ প্ৰশস্ত কৰাটো চৰকাৰখনৰ খিলঞ্জীয়া বিৰোধী চৰিত্ৰ স্পষ্ট কৰা নাইনে?

তৃতীয় গুৰুত্বপূর্ণ দিশটো হ’ল সিদ্ধান্তটো গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো। এনে এক গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ পূর্বে এক ৰাজহুৱা আলোচনাৰ প্ৰয়োজন নাছিলনে? অধ‍্যাদেশ জাৰি কৰাটো নিয়ম নহয়, ব‍্যতিক্ৰমহে। এক জৰুৰীকালীন পৰিস্থিতিক মোকাবিলা কৰাৰ বাবে সংসদ নবহা সময়ত অধ‍্যাদেশ জাৰি কৰা হয়। চৰকাৰৰ এই শেহতীয়া সিদ্ধান্তৰ দ্বাৰা এনে কি জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব বিচৰা হ’ল, যাৰ বাবে বিধানসভা বহাৰ বাবে চৰকাৰ ৰ’ব নোৱাৰিলে। নিঃসন্দেহে চৰকাৰে বিষয়টো সন্দর্ভত ৰাজহুৱা আলোচনা এৰাই চলিব বিচাৰিছে আৰু সেয়েহে পেনডেমিকক অজুহাতৰূপে লৈ অধ‍্যাদেশ জাৰি কৰিব বিচাৰিছে। কাৰণ, বিষয়টোৰ যিকোনো ধৰণৰ ৰাজহুৱা আলোচনাই চৰকাৰৰ প্ৰকৃত মতলব ৰাইজৰ আগত উদঙাই দিব।

( লেখক শান্তনু বৰঠাকুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা )

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24shantanu borthakur
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

August 25, 2026
Next Post
মধ‍্যপ্ৰদেশত ২৮ মন্ত্ৰীৰ শপতগ্ৰহণ

মধ‍্যপ্ৰদেশত ২৮ মন্ত্ৰীৰ শপতগ্ৰহণ

ধেমাজিৰ চিচিবৰগাঁৱত বাহন দুৰ্ঘটনা। নদীত পৰি সন্ধানহীন ৩গৰাকী।

ধেমাজিৰ চিচিবৰগাঁৱত বাহন দুৰ্ঘটনা। নদীত পৰি সন্ধানহীন ৩গৰাকী।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.