অসম লাইভ ২৪ঃ বাইকপ্ৰেমীসকলৰ বাবে এটা সুখবৰ। এইবাৰ বজাৰলৈ আহিব ভাৰতত তৈয়াৰী ইলেকট্ৰিক বাইক। এবাৰ ছাৰ্জ দিয়েই আপুনি যাব পাৰিব ১১০ কিমি.। ভাৰতীয় কোম্পানী ONE ELECTRIC-এ ঘোষণা কৰিছে এই ইলেকট্ৰিক বাইক তৈয়াৰৰ কথা। এই বাইকখনৰ নাম হ’ব KRIDN। আৰু এই বাইকখনক ভাৰতৰ সবাতোকৈ দ্ৰুততম ইলকট্ৰিক বাইক বুলি কোৱা হৈছে। KRIDN বাইকত থাকিব ৫.৫ কিলোৱাট ক্ষমতা সম্পন্ন বিশেষ ইলেকট্ৰিক মটৰ। ৩ কিলোৱাট ক্ষমতা সম্পন্ন বিশেষ লিথিয়াম বেটাৰী আৰু ইক’ ম’ডত ১১০ কিমি. চলিব পাৰিব এই বাইকখন। সাধাৰণ ম’ডত এই বাইকখন চলিব পাৰিব ৮০ কিমি.। এই বাইকখনত ০-৬০ কিমি. গতি মাত্ৰ ৮ ছেকেণ্ডতে সম্পূৰ্ণ কৰিব পাৰিব। এই বাইকৰ টপ স্পীড হ’ব প্ৰতি ঘণ্টাত ৯৫ কিমি.। এই বাইকত থাকিব টিউবলেছ টায়াৰ। ডিজিটেল ক্লাষ্টাৰ, অপছনেল, জিপিএছ আৰু এপ্লিকেচন কানেক্টৰ সুবিধা থাকিব। বাইকখনত বেটেৰী ছাৰ্জ কৰিবলৈ সময় লাগিব ৪-৫ ঘণ্টা। বাইকখন হ’ব গিয়াৰলেছ। উল্লেখযোগ্য যে ইলেকট্ৰিক এই বাইকখন বাংগালুৰু, চেন্নাই, দিল্লী আৰু হায়দৰাবাদত উপলব্ধ হ’ব। কেৱল মাত্ৰ এই ৪ ঠাইতে বাইকখনৰ বুকিং ৰেজিষ্ট্ৰেচন কৰা সম্ভৱ। বাইকখনৰ ডেলিভাৰী অক্টোবৰ মাহৰ পৰা আৰম্ভ হ’ব। সম্প্ৰতি বাইকখনৰ অনৰোড ট্ৰায়েল সম্পন্ন হৈছে। এই নতুন ইলেকট্ৰিক KRIDNৰ শ্ব’ৰূম প্ৰাইচ হৈছে ১ লাখ ২৯ হাজাৰ টকা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ