অসম লাইভ২৪ঃ ১০০ কোটি টকাৰ মানহানি গোচৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খড়্গেক সোমবাৰে তলব কৰিছে পঞ্জাৱৰ সাঙৰুৰৰ আদালতে। কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ অহাৰ পাছতেই বজৰং দল নিষিদ্ধ কৰা হ’ব বুলি জনাইছিল কংগ্ৰেছ দলে। নিৰ্বাচনী ইস্তাহাৰত এই কথা উল্লেখ কৰিছিল কংগ্ৰেছ দলে। শনিবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনত ১৩৫ খন আসনত জিকি ৰাজ্য দখল কৰিছে কংগ্ৰেছ দলে। তাৰমাজতেই নিৰ্বাচনী ইস্তাহাৰত বজৰং দল নিষিদ্ধ কৰাৰ কথা প্ৰকাশ কৰাৰ বাবেই কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খড়্গেৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে বজৰং দল হিন্দুস্তান নামৰ সংগঠনটোৰ সভাপতি হীতেশ ভৰদ্বাজে। সেই গোচৰৰ ভিত্তিতেই খড়্গেক তলব কৰিছে আদালতে।
কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছিল যে, ‘ধৰ্ম জাতৰ ভিত্তিত বিভিন্ন সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱা সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ বদ্ধপৰিকৰ কংগ্ৰেছ।’ এই প্ৰসংগত বজৰং দল, পিএফআইৰ দৰে সংগঠনসমূহ নিষিদ্ধ কৰাৰ কথা ইস্তাহাৰত উল্লেখ আছিল। দলৰ ইস্তাহাৰত থকা প্ৰতিশ্ৰুতিমতে কংগ্ৰেছ সভাপতিয়ে কৈছিল, ‘কংগ্ৰেছে জাতি ধৰ্ম ভিত্তিত কোনো সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পোৱা সংগঠনক বন্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’
শনিবাৰে কংগ্ৰেছে বিপুল ভোটত জয়লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে এই বিজয় সাব্যস্ত কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰও হৈ পৰিছে। কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ পূৰ্বে কংগ্ৰেছ সভাপতিৰ বিৰুদ্ধে হিন্দু সংগঠন সৰব হোৱাক লৈ সকলোৰে মনত সৃষ্টি হৈছে প্ৰশ্নৰ। বৰ্তমানলৈ কংগ্ৰেছে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ