অসম লাইভ২৪ঃ ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫বছৰ সম্পূৰ্ণ হৈছে। কিন্তু দেশ স্বাধীন হোৱাৰ ইমান বছৰ পাৰ হ’লেও মনৰ সংকীৰ্ণতা আজিও আছে বুলি বহুসময়তে চৰ্চা হয়। দেশৰ স্বাধীনতাৰ দেশৰ প্ৰতিগৰাকী জনতাই লাভ কৰিছেনে সেই বিষয়টোক লৈয়ো বিতৰ্ক অব্যাহত আছে। বিশেষকৈ তৃতীয় লিংগৰ ব্যক্তিক আজিও বহুতেই অৱহেলা কৰে। তৃতীয় লিংগৰ মানুহ দেখিলেই টিপ্পনী দিয়া, ঠাট্টা কৰা আদি এতিয়াও বহুতৰেই স্বভাৱ। সমাজত আজিও তেওঁলোক বঞ্চিত। সেয়ে সময়ে সময়ে তেওঁলোকৰ সুৰক্ষা, স্বাস্থ্য আৰু অধিকাৰৰ বাবে একোটা আন্দোলনো চলি আছে।
শেহতীয়াকৈ তেওঁলোকৰ স্বাস্থ্য সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখি বিশেষ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত এক যুগান্তকাৰী ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ডাঃ মনসুখ মাণ্ডব্য, কেন্দ্ৰীয় মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰসহ একাধিক স্বাস্থ্য বিশেষজ্ঞৰ উপস্থিতিত Union Minister of Social Justice and Empowermentৰ সৈতে এখন চুক্তি স্বাক্ষৰিত হৈছে।
চুক্তিমতে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা প্ৰকল্পৰ অধীনত ৰূপান্তৰকামীসকলক বাৰ্ষিক ৫লাখ টকা পৰ্যন্ত বীমা ঘোষণা কৰা হৈছে। একমাত্ৰ ট্ৰান্সজেণ্ডাৰসকলেহে এই সুবিধা লাভ কৰিব। এই প্ৰসংগত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই কয়, ‘এতিয়াৰে পৰা আয়ুষ্মান ভাৰত-প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ট্ৰান্সজেণ্ডাৰসকলে লিংগ পৰিবৰ্তন কৰিবলৈ গ’লে এই যোজনাৰ অধীনত খৰচ লাভ কৰিব। ইয়াৰোপৰি কোনো চিকিৎসালয়ে তেওঁলোকক চিকিৎসা প্ৰদান নকৰো বুলি ক’ব নোৱাৰিব। সমগ্ৰ দেশৰ AB PM-JAY তালিকাভুক্ত সমস্ত হাস্পতালত তেওঁলোকে চিকিৎসা সেৱা লাভ কৰিব।’
সমাজত তৃতীয় লিংগৰ ব্যক্তিৰ প্ৰতি যি অৱহেলাৰ মনোভাৱ বিদ্যমান সেয়া দূৰ কৰিবলৈকে এই সিদ্ধান্ত লৈছে দেশৰ স্বাস্থ্য কল্যাণ মন্ত্ৰণালয়ে। প্ৰথম বিশ্বৰ দেশসমূহত প্ৰতিজন নাগৰিকৰ বাবেই স্বাস্থ্য সুৰক্ষা আৰু স্বাস্থ্য বীমাৰ ব্যৱস্থা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ