অসম লাইভ২৪ঃ চলাফুৰা কৰিবলৈ তেওঁ অপাৰগ। খোৱাবোৱাও নিজে কৰিব নোৱাৰে। অন্য লোকৰ দৰে খাদ্যও গ্ৰহণ কৰিব নোৱাৰে। সমগ্ৰ শৰীৰতেই অসহ্য যন্ত্ৰণা। বিগত কেইবাবছৰ ধৰি এনেকৈ শয্যাশায়ী হৈ আছিল দক্ষিণ অষ্ট্ৰেলিয়াৰ ২৩ বছৰীয়া এগৰাকী যুৱতী। যুৱতীগৰাকীৰ নাম লিলি। লিলিয়ে ভূগি থকা যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি স্বেচ্ছামৃত্যুৰ আৱেদন কৰিছিল। বিগত সপ্তাহত হাস্পতালৰ পৰা আইনী কাগজপত্ৰত স্বাক্ষৰ কৰিছে লিলিয়ে। বুধবাৰে তেওঁৰ ইচ্ছামৃত্যুৰ সপোন পূৰণ কৰিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে। ১০ ছেকেণ্ডৰ ভিতৰতেই মৃত্যুৰ কোলাত ঢলি পৰিছে লিলি। দক্ষিণ এডিলেডৰ ফ্লিণ্ডাৰ্ছ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ আছিল লিলি। অটো-ইমিউন অটোনমিক গ্যগ্লিয়োনোপেথিৰ সমস্যাত ভুগিছিল লিলিয়ে। এই ৰোগতেই ধীৰে ধীৰে শয্যাশায়ী হৈ পৰে লিলি। সমগ্ৰ শৰীৰত বিষ হোৱাৰ বাবে এডিলেড হাস্পতালৰ পেলিয়েটিভ কেয়াৰত ৰখা হয় লিলিক। কিন্তু সুস্থ হৈ নুঠিল লিলি। দিনে দিনে শৰীৰ ভাঙি পৰিছিল লিলিৰ।
স্বেচ্ছামৃত্যুৰ আবেদনৰ সিদ্ধান্তৰ কথা কেনেকৈ মনলৈ আহিল লিলিৰ?
অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যম ‘দ্যা এডভাৰটাইজাৰ’ত লিলিয়ে কৈছিল, ‘এই যন্ত্ৰণা ইমানেই অসহ্যকৰ যে বাচি থকাৰ কোনো অৰ্থই নাই। এনে যন্ত্ৰণাদায়ক জীৱনতকৈ মৃত্যুৱেই ভাল।’ জীৱনৰ শেষৰ ঘণ্টাকেইটা যোগাত্মক কামকাজত মনোনিৱেশ কৰিব বিচাৰিছিল লিলিয়ে। এই কৰ্মসমূহৰ ভিতৰত আছিল সমুদ্ৰতীৰত ফুৰিবলৈ যোৱা। লিলিৰ সপোন পূৰণ কৰিছিল হাস্পতাল কৰ্তৃপক্ষই। হাস্পতালৰ বিছনাত শুইয়েই লিলিয়ে সমূদ্ৰ তীৰ ফুৰি আহিছিল।
লিলিৰ শাৰীৰিক সমস্যা আছিল কিশোৰী অৱস্থাৰ পৰাই। ১৭বছৰ বয়সতেই ইলাৰ্ছ ডেনলোছ চিনড্ৰম উপসৰ্গই ধৰা দিছিল লিলিৰ শৰীৰত। ৰক্তনলীকাত সমস্যাই দেখা দিছিল। ইডিএছ ধৰা পৰাৰ কেইবছৰমান পাছতেই লিলিৰ শ্বাসনলীতো সমস্যাই দেখা দিয়ে। তাৰপিছৰে পৰা প্ৰাকৃতিকভাৱে মলত্যাগ কৰিব নোৱাৰা হয় লিলিয়ে। তেতিয়াৰে পৰা এটুপি পানী পৰ্যন্ত নোখোৱাকৈ জীয়াই আছিল লিলি। মেৰুদণ্ডৰ ভিতৰতো তৰল পদাৰ্থ জমা হয় লিলিৰ। ইয়াৰ পাছৰে পৰাই ঘূৰা ফুৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে লিলিৰ।
লিলিক নাকেৰে পাইপ লগাই প্ৰয়োজনীৰ খাদ্য যোগান ধৰি থকা হৈছিল। খাদ্য হজম কৰোৱাবৰ বাবেও বিশেষ টিউব সোমোৱাই দিয়া হৈছিল। সেই টিউবৰ জৰিয়তে পাকস্থলীত এছিড নিঃসৰণ কৰোৱা হয়। চিকিৎসকে জনাইছিল যে এনেকৈয়ে এটা এটাকৈ লিলিৰ সকলো অংগই বিকল হৈ গৈ থাকিব।
এইদৰে যন্ত্ৰণাকাতৰ জীৱন এটা লিলিয়ে আৰু বেছিদিন বিচৰা নাছিল। পাছলৈ লিলিয়ে লিখিছিল, ‘মই আৰু জীয়াই থাকিব বিচৰা নাই। হাস্পতাল এৰি ঘৰলৈ যাবলৈ ইচ্ছাও নাই। মই ইচ্ছামৃত্যু বিচাৰো। মাক এই কথা কৈছিলো। মায়ে মোৰ মৃত্যু চকুৰ সন্মুখত চাব নোৱাৰিয়েই মোক অকলে এৰি ঘৰলৈ গ’লগৈ। মোৰ এই সিদ্ধান্তই শেষ সিদ্ধান্ত।’
ডেলি মেলৰ প্ৰতিবেদন অনুসৰি বিগত বুধবাৰে লিলিৰ মৃত্যু হৈছে। এই বৰ্ষত অষ্ট্ৰেলিয়াৰ ২৮গৰাকী নাগৰিকক ইচ্ছামৃত্যুৰ অনুমতি দিছে অষ্ট্ৰেলিয়াৰ চৰকাৰে। মৃত্যুৰ আগতে যদি কোনোৱে আকৌ এই সিদ্ধান্ত সলনি কৰিব বিচাৰে তেন্তে সেয়াও কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















