অসম লাইভ ২৪ঃ শিৱসাগৰৰ বিতৰ্কিত ব্যৱসায়ী কৃষ্ণ আগৰৱালা (চিচি)ৰ দাদাগিৰি। চিচি SK Petro Pvt Ltd ৰ স্বত্বাধিকাৰী। দীৰ্ঘদিনে প্ৰতিষ্ঠানটোৰ ৪ শতাধিক কৰ্মচাৰীক প্ৰতাৰণা কৰি অহাৰ অভিযোগ ব্যৱসায়ীজনৰ বিৰুদ্ধে। বোনাচ বিচৰাৰ বাবেই চিচিৰ ৰোষত ৪০০ অসমীয়া শ্ৰমিক। ১০ বছৰে কৰ্মচাৰীক এটকাও বোনাচ নিদিয়াৰ অভিযোগ। ৮ অক্টোবৰত বোনাচ প্ৰদানৰ অন্তিম সময় বান্ধি দিছিল শ্ৰমিকে। বোনাচ নিদিলে কৰ্মবিৰতি পালনৰো হুমকি দিছিল শ্ৰমিক সকলে। তাৰ পাছতো বিতৰ্কিত ব্যৱসায়ীজনে নিদিলে বোনাচ। তাৰ বিপৰীতে ফোন কৰি শ্ৰমিক সকলক কামৰ পৰা চাতাই কৰাৰ হুমকি দিছিল কৃষ্ণ আগৰৱালা (চিচি)য়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ