অসম লাইভ২৪ঃ চন্দ্ৰযান-৩ক লৈ দেশজুৰি অব্যাহত আছে চৰ্চা। শেহতীয়াকৈ চন্দ্ৰযান-৩ক লৈ বিতৰ্কিত পোষ্ট কৰিছে কৰ্ণাটকৰ এজন কলেজ অধ্যাপকে। তেঁও টুইটত লিখিছে, ‘বিফল হ’ব চন্দ্ৰযান-৩ৰো অভিযান।’ কৰ্ণাটকৰ মালেশ্বৰমৰ পিইউ কলেজৰ অধ্যাপক হুলিকুন্থ মূৰ্তিয়ে কৰিছে এই বিতৰ্কিত পোষ্ট। তেওঁ এজন দলিত সমাজকৰ্মী হিচাপেও পৰিচিত। কানাড়া ভাষাত তেওঁ কৰিছে বিশেষ টুইটটো।
উল্লেখ্য যে, ইছৰোয়ে দিয়া আপডেট অনুসৰি মঙলবাৰে পৃথিৱীৰ কক্ষপথত সফলভাৱে সোমাইছে। পৃথিৱীৰ নিকটতম কক্ষপথত ভূপৃষ্ঠৰ পৰা ২২৮ কিঃমিঃ দূৰত্বত অৱস্থান কৰিছে চন্দ্ৰযান-৩। এই মহাকাশযানখন বৰ্তমান পৃথিৱীৰ পৰা ৫১হাজাৰ ৪০০ কিঃমিঃ দূৰত্বলৈ গতি কৰিছে।
সকলো ঠিকে ঠাকে থাকিলে আগন্তুক ২৩ আগষ্টত বিশ্বৰ প্ৰথম দেশ হিচাপে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰিব এই মহাকাশযানখনে। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব প্ৰায় ৩লাখ ৮৪হাজাৰ কিঃমিঃ। এই দূৰত্ব অতিক্ৰম কৰি চন্দ্ৰত উপস্থিত হ’বলৈ ৪২ দিন সময় লাগিব পাৰে এই মহাকাশযানখনৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ