অসম লাইভ২৪ঃ ভগৱানে যেতিয়া দিয়ে তেতিয়া মন খুলি দিয়ে। কেৰালাৰ ১১গৰাকী মহিলাই ক্ৰয় কৰিছিল লটাৰী টিকট। ২৫০ টকাত লটাৰী টিকট ক্ৰয় কৰিছিল মহিলাকেইগৰাকীয়ে। ২৫০ টকাৰ লটাৰী টিকটেৰে এতিয়া তেওঁলোক ১০ কোটিৰ গৰাকী। লটাৰী টিকটতো ক্ৰয় কৰাৰ আগলৈকে তেওঁলোকৰ হাতত নাছিল ২৫ টকাও। লটাৰী টিকেট ক্ৰয়ৰ ধনো তেওঁলোকে এগৰাকী বান্ধৱীৰ পৰাহে লৈছিল।
মালাপ্পুৰমৰ পাৰাপ্পানাঙ্গাদী পৌৰসভাৰ অধীনৰ কৰ্মৰত ১১ গৰাকী মহিলাই লটাৰী জিকাৰ কথা সপোনতো ভবা নাছিল। সাধাৰণ দিনমজুৰি কৰিয়েই যেনেতেনে পৰিয়াল পোহপাল দি আহিছিল মহিলাকেইগৰাকীয়ে। এই ১১ গৰাকীৰ ভিতৰৰে এগৰাকী মহিলাই এই সন্দৰ্ভত কয়, ‘আমি পূৰ্বেও ধন সঞ্চয় কৰি লটাৰী টিকেট ক্ৰয় কৰিছিলো। কিন্তু কোনোদিনেই একো এটা লাভ কৰা নাছিলো। এইবাৰেই আমি পুৰস্কাৰ লাভ কৰিছো।’ আন এগৰাকী সদস্যই এই সন্দৰ্ভত কয়, ‘আমি লটাৰী টিকেটটো কাটি খুব আশাৰে ৰৈ আছিলো। শেষৰ পৰা নম্বৰবোৰ কৈ যোৱা হৈছিল। আমি নিৰাশেই হৈছিলো নাই আমি এইবাৰো একো নাপাও। কিন্তু শেষত প্ৰথম পুৰস্কাৰ ঘোষণা কৰা হ’ল। ঘোষণাটো শুনিয়েই আনন্দত আমি কি কৰো কি নকৰো হৈ পৰিলো। এই ১০ লাখ টকাই আমাৰ পৰিয়ালকেইটিৰ অভাৱ পূৰণ কৰাত সহায়ক হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















