অসম লাইভ২৪ঃ মহাৰাষ্ট্ৰত ভয়াৱহ ভূমিস্খলনৰ ঘটনা।
ভূমিস্খলনতেই প্ৰাণ গ’ল ১৩ গৰাকীকৈ লোকৰ।
বৰ্তমান ১০০ৰো অধিক লোকক উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰী দলে।
শিলৰ তলত হেঁচা খাই থকাৰ সন্দেহ উদ্ধাৰকাৰী দলৰ।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী একনাথ সিন্ধে।
মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী সিন্ধেৰ।
মৃতকৰ পৰিয়ালক দিয়া হ’ব ৫লাখকৈ টকা।
ফোনযোগে ঘটনাৰ বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও।
বুধবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনা।
টোপনিতেই মৃত্যুক সাবটি লৈছে ১৩ গৰাকীকৈ লোকে।
মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে মহাৰাষ্ট্ৰ প্ৰশাসনে।
ৰায়গড়ৰ খালাপুৰত সংঘটিত হৈছে এই ঘটনা।
১৭টাকৈ ঘৰ সম্পুৰ্ণৰূপে ধ্বংস হোৱা বুলি জনাইছে প্রশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ