অসম লাইভ ২৪ঃ ভৰিৰ গোৰোহা ফাটিছে নেকি? শীতৰ সময়চোৱাত বেছিভাগ লোকৰে গোৰোহা ফাটে। গোৰোহা ফাটিলে ভৰিত প্ৰচণ্ড বিষ অনুভৱ হয়। বিষৰ যন্ত্ৰণা কিমান সেয়া হয়তো গোৰোহা ফটাজনেহে অনুভৱ কৰিব পাৰে। গোৰোহা ফটা সমস্যাৰ পৰা আপুনি কিদৰে হাত সাৰিব? আমি দিছো কেইটামান ঘৰুৱা টিপছ-
১। ১০০ গ্ৰাম মমবাতি, ৫০ গ্ৰাম নাৰিকল তেল বা সৰিয়হৰ তেল মিহলাই লওক। সৰিয়হ তেলৰ সলনি আপুনি নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে। এখন কটাৰীৰে মমবাতি চুচি এটা পাত্ৰত গুড়ি কৰি লওক। তাৰ পিছত নাৰিকল তেলখিনি মমবাতিৰ গুড়িখিনিৰ লগত মিহলি কৰি লওক। তাৰ পিছত জুলীয়া নোহোৱাকৈ গৰম কৰি ল’ব। ভালদৰে ঠাণ্ডা কৰি লওক। ৰাতি শোৱাৰ আগতে ভৰি দুখন ধুই শুকান কৰি মিশ্ৰণটো লগাওক। কমেও ৫ মিনিট সময় মালিচ কৰি শুই যাব।
২। পুৱা শুই উঠাৰ পাছত ভালদৰে ভৰি দুখন ধোৱক। প্ৰথম পৰ্যায়তে ভাল ফলাফল পাব আৰু গোৰোহাৰ বিষ নাইকিয়া হ’ব। গোৰোহা ফটাৰ কাৰণ হ’ব পাৰে থাইৰয়ডৰ সমস্যা। ভৰিত তেজৰ পৰিমাণ কম হ’লেও, খালী ভৰিৰে খোজকাঢ়িলে, দৌৰিলেও কেতিয়াবা গোৰোহা ফাটিব পাৰে।
যদি মিনাৰেল, ভিটামিনৰ অভাৱ হৈছে তেতিয়াও ফাটিব পাৰে গোৰোহা। শৰীৰত কেলচিয়ামৰ পৰিমাণ হ্ৰাস হ’লেও গোৰোহা ফাটিব পাৰে। কেনেবাকৈ আপুনি মধুমেহ ৰোগত ভুগিছে নেকি? তেতিয়াও আপোনাৰ গোৰোহা ফাটিব পাৰে। বহু দেৰিলৈকে আপুনি থিয় হৈ থাকে নেকি? তেতিয়াও ভুগিব পাৰে এই সমস্যাত।
যদি আপোনাৰ গোৰোহা ফাটিছে তেতিয়াহ’লে আপুনি ভজা-পোৰা, মছলাজাতীয় খাদ্য, ফাষ্ট ফুড আদি নাখাব। বেছিকৈ পানী খাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ