অসম লাইভ ২৪ঃ বলীউডৰ মহেশ ভাট্ট, উর্বশী ৰাওতেলা, মৌনি ৰায়সহ আৰু ৩ জন তাৰকালৈ জাননী পঠিয়ালে জাতীয় মহিলা কমিচনে। মহিলাৰ ওপৰত যৌন শোষণ আৰু উৎপীড়নত অভিযুক্ত এটা মডেলিং কোম্পানীক প্ৰচাৰ কৰাৰ বাবে মুঠ ৬ জন তাৰকালৈ জাননী পঠিয়ালে জাতীয় মহিলা কমিচনে। যোগিতা ভয়ানাৰ অভিযোগৰ ভিত্তিত সাক্ষীৰ জবানবন্দী ৰেকর্ড কৰাৰ বাবে মহেশ ভাট্ট, উর্বশী ৰাওতেলা, মৌনি ৰায়, ঈষা গুপ্তা, ৰণবিজয় সিং, প্ৰিন্স নাৰুললৈ জাননী পঠায়। কিন্তু এতিয়ালৈকে আটাইকেইগৰাকীয়ে বিষয়টো সন্দর্ভত উত্তৰ দিয়াৰ বা উপস্থিত হোৱাৰ প্ৰয়োজনবোধ কৰা নাই। কিন্তু এইক্ষেত্ৰত দৃঢ় নেচনেল কমিচন ফৰ ওমেন। কমিচনে আলোচনাৰ পৰৱর্তী তাৰিখ ধার্য কৰিছে ১৮ আগষ্টৰ পুৱা ১১ বাজি ৩০ মিনিটত। সেই দিনটোতো যদি এই তাৰকাসকল উপস্থিত নাথাকে, তেতিয়া যথাযথ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে কমিচনৰ তৰফৰ পৰা। যোগিতা ভয়ানাই এটা ভিডিঅ’ বার্তাৰ জৰিয়তে অভিযোগ কৰিছে মডেলিঙত সুযোগ দিয়াৰ নামত কেনেকৈ মহিলাৰ ওপৰত যৌন আৰু মানসিক নির্যাতন চলোৱা হয়। বলীউডৰ নামী-দামী তাৰকাসকলে এই কোম্পানীৰ হৈ প্ৰচাৰ চলাই আহিছে। ১৫ জুলাইৰ ভিডিঅ’ বার্তাটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰে যোগিতা ভয়ানে। বিষয়টো জাতীয় মহিলা কমিচনৰ দৃষ্টি পৰাৰ লগে লগে জাননী পঠোৱা হয় সেইসকল তাৰকালৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ