অসম লাইভ ২৪ঃ বহিঃৰাজ্যত কৰ্মৰত লখিমপুৰৰ নাৰায়ণপুৰৰ এগৰাকী যুৱক৷ বিগত ১৫ দিন ধৰি চিকিৎসালয়ৰ বিছনাত যুঁজিছে জীৱন মৃত্যুৰে। জানিব পৰা মতে, নাৰায়ণপুৰৰ ২ নং বহুপথাৰৰ সোনৰাম গগৈৰ একমাত্ৰ পুত্ৰ চম্পক গগৈয়ে স্নাতক শিক্ষা সমাপ্ত কৰি সংস্থাপনৰ বাবে দুবছৰ পূৰ্বে বাংগালুৰুলৈ গৈছিল। বাংগালুৰুৰ শ্বিৱাজী নগৰৰ এটা বৰফ ফেক্টৰীত কৰ্মৰত হৈ থকা যুৱকজন লকডাউনৰ বাবে কৰ্মস্থলীতে আবদ্ধ হৈ পৰে। বিগত এমাহ মান ধৰি জণ্ডিচ, যক্ষ্মা আৰু কেঁচুমুৰীয়াত আক্ৰান্ত হৈ থকা চম্পকক এজন বন্ধুয়ে এখন চিকিৎসালয়ত ভৰ্তি কৰে। কেবাটাও জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱা যুৱকজন সম্প্ৰতি বাংগালুৰুৰ হাস্পতাল এণ্ড হেল্থ কেয়াৰৰ আই চি ইউত জীৱন-মৃত্যুৰে যুঁজি আছে। একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ ব্যয়ৰ বাবদ দৰিদ্ৰ পিতৃ-মাতৃয়ে মাটি-ভেটি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে। অসহায় পৰিয়ালটোৱে কিঞ্চিত সহায় বিচাৰি বিহপুৰীয়া সমষ্টিৰ বিধায়কগৰাকীৰ কাষলৈ যায় যদিও বিধায়কজনে প্ৰয়োজনীয় পুঁজি নাই বুলি কৈ বিদায় দিয়ে। দৰিদ্ৰ পৰিয়ালটোৱে প্ৰায় আঢ়ৈ লাখ টকা ব্যয় কৰিলে যদিও এতিয়াও এক লাখতকৈ অধিক টকা চিকিৎসালয়ত দিবলৈ আছে। চিকিৎসালয়ৰ বিল পৰিশোধ কৰিব নোৱৰাৰ বাবে এতিয়া যুৱকজনক আনিব নোৱাৰা হৈছে ঘৰলৈকো। সকলোৰে ওচৰত হাত পাতি সহায় ভিক্ষা বিচাৰি বিমুখ হৈ পৰা পৰিয়ালটোৱে এতিয়া অনাহাৰে অনিদ্ৰাই চকুলো টুকি সময় পাৰ কৰিছে।
এটি সন্তানৰ পিতৃ চম্পক গগৈৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ লগতে অসমলৈ ঘূৰাই অনাৰ বাবে অসম চৰকাৰলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে কাতৰ আহ্বান জনোৱাৰ লগতে কোনো সুহৃদয় লোকে দিশহাৰা হৈ পৰা দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰিব বিচাৰিলে ৬৯০০৭৭২৬১২ ফোন নম্বৰত অথবা চম্পক গগৈৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ নাৰায়ণপুৰ শাখাৰ একাউন্ট নং 33900493689, IFSC Code: SBIN0017208 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ