অসম লাইভ২৪ঃ ৰঙালী বিহুলৈ মাজত মাথো দুটা দিন৷ বিহুৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান জনাইছে ৰাজ্যৰ বিহু কমিটিসমূহলৈ৷ কলাক্ষেত্ৰত আয়োজিত বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়,‘চান্দা সাংস্কৃতি নোহোৱা কৰিব লাগে। বিগত দুটা বছৰত চান্দা সংস্কৃতি নোহোৱা কৰিবৰ বাবে চেষ্টা কৰা হৈছে।’
ইয়াৰ উপৰি বিহু পেণ্ডেলসমূহত মদ খোৱা প্ৰৱণতা নাইকিয়া কৰিব লাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘লাগিলে ঘৰত খাওক৷ খোৱাক ক’বলগীয়া নাই। কিন্ত, মদ খাই ঢলং–পলং কৰি মঞ্চত উঠাটো বেয়া দেখি। মদ খোৱাটোক মই বাধা নিদিওঁ৷ কিন্তু বিহুৰ পইচাৰে মদ খোৱাটো মই নিবিচাৰোঁ। বিহুৰ অনুষ্ঠানৰ পৰা ২০০-৫০০ মিটাৰৰ ভিতৰত মদ খোৱাৰ পৰা দূৰত থাকিব লাগে।’
উল্লেখ্য যে, ১ জেঠৰ পৰা কোনোৱে বিহু পাতিব নোৱাৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয় যে, সকলো উপায়ুক্তক কোৱা হৈছে। অনুমতি পালেও বিহু বুলি পাতিব নোৱাৰিব। জেঠত বিহু পাতিবলৈ অনুমতি দিয়া নহয়। বেলেগ সাংস্কৃতিক অনুষ্ঠানৰ নাম লৈ পাতিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ