অসম লাইভ২৪ঃ মঙলবাৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে বিৰোধী মহাজোঁটৰ বৈঠকৰ পৰা উভটি যাওঁতেই অঘটন।
ছোনীয়া আৰু ৰাহুলে দিল্লীলৈ যাত্ৰা কৰা বিমানখনৰ জৰুৰী অৱতৰণ কৰা হয় ভূপালত।
ভূপালত জৰুৰী অৱতৰণৰ সময়ত মাতৃক অক্সিজেন মাক্স পিন্ধাই দিয়াৰ এখন ফটো শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে।
ৰাহুলে ফটোখন শ্বেয়াৰ কৰি লিখিছে এটা বিশেষ কেপশ্ব্যন।
কেপশ্ব্যনত ৰাহুলে লিখিছে, ‘মা বহুত জটিল পৰিস্থিতিটো সংযত হৈ থাকে।’
বিমানবন্দৰৰ বিষয়াসকলৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বিশেষ বিমানেৰে দিল্লীলৈ গৈ আছিল ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধী
কাৰিকৰী ত্ৰুটিৰ বাবে বিমানখন নিশা প্ৰায় ৮ বজাত ভূপালত অৱতৰণ কৰিব লগা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ