অসম লাইভ২৪ঃ
অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ।
পত্নীৰ কাতৰ আহ্বানৰ পাছতেই নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণক বিচাৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে।
৭এপ্ৰিল অৰ্থাৎ শুকুৰবাৰে মৃতদেহ উদ্ধাৰৰ খবৰ জনালে IGP জিৎমল দলে।
লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট হৈ আছিল প্রাঞ্জল মৰাণ।
নিৰুদ্দেশ হোৱা স্থানতেই উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰাণৰ মৃতদেহ।
ঘটনাস্থলীলৈ ইতিমধ্যে ৰাওনা হৈছে প্ৰাঞ্জল মৰাণৰ পত্নী।
আজি সন্ধিয়াৰ ভিতৰত মৃতদেহ পৰিয়ালক গতাই দিব আৰক্ষীয়ে।
৬ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছিল প্ৰাঞ্জল মৰাণ।
কয়লা খনন কৰিবলৈ গৈ নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণক বিচাৰিবৰ বাবে প্ৰশাসনেও লোৱা নাছিল কোনো ব্যৱস্থা।
তেতিয়াই পত্নীৰ আহ্বান মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিষয়টো সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল।
তদন্তৰ পাছত গ্ৰেপ্তাৰো হৈছিল প্ৰাঞ্জল মৰানৰ মৃত্যু সন্দৰ্ভত জড়িত দুজনকৈ লোকক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















