অসম লাইভ ২৪ঃ এজন তাৰকা অভিনেতাৰ মৃত্যু ইমান ৰহস্যময় যে প্ৰতিদিনেই তেওঁৰ মৃত্যুক লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আৰু প্ৰথমৰ পৰাই সেই বিতৰ্কৰ শীৰ্ষত আছে সুশান্তৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। বিগত ১৪ জুনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ওলমি থকা দেহ উদ্ধাৰ কৰা হয় আৰু তাৰ লগে লগেই সমগ্ৰ দেশ শিহৰিত হৈ পৰে সুশান্তৰ আত্মহত্যাক লৈ। মুম্বাই আৰক্ষী, বিহাৰ আৰক্ষীৰ পাছত এইবাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সুশান্তৰ মৃত্যুৰ তদন্ত কৰিব CBI-য়ে। CBIৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগেই এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সুশান্তৰ মৃত্যুৰ পাছত নশ্বৰ দেহ কুপাৰ হাস্পতালৰ মৰ্গত নিয়াৰ পাছত মৰ্গত উপস্থিত হৈছিলগৈ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী। মৰ্গৰ এটা ভিডিঅ’ শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু সেই ভিডিঅ’টোত দেখা গৈছে প্ৰায় ৪৫ মিনিট সময় মৰ্গত আছিল ৰিয়া। এতিয়া প্ৰশ্ন হৈছে সেই নিষিদ্ধ মৰ্গত কেনেকৈ ইমান সময় ৰিয়াই কটাব পাৰিলে। এইক্ষেত্ৰত যে কোনো প্ৰভাৱশালী ব্যক্তিৰ প্ৰভাৱ আছে সেই কথা স্পষ্ট হৈছে ভিডিঅ’ ফুটেজত। ইয়াৰ লগে লগেই আৰু এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। মৰ্গত ৰিয়াই সুশান্তৰ বুকুত হাত থৈ কৈছিল- মোক ক্ষমা কৰি দিয়া বাবু। মৰ্গৰ এজন কৰ্মী সুৰজিৎ সিং ৰাথোড়ে এই কথা জনাইছে। এই মৰ্গৰ পৰাই সুশান্তৰ নশ্বৰ দেহ লৈ যোৱা হয় শেষকৃত্যৰ বাবে। শেষকৃত্যত উপস্থিত আছিল ২০ জনকৈ লোক। কিন্তু উপস্থিত নাছিল ৰিয়া। এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সুশান্তৰ অনুৰাগীয়ে- কাৰ অনুমতিত কুপাৰ হাস্পতালৰ মৰ্গত ৰিয়াই প্ৰৱেশ কৰিলে? কিয় ৰিয়াই সুশান্তক ক্ষমা খুজিছিল?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ