অসম লাইভ২৪ঃ
এম্বুলেঞ্চত ৰোগী কঢ়িওৱাৰ সলনি চলে অসামাজিক কাম৷
লখিমপুৰত এখন এম্বুলেন্সত ওলাল মদ, ভাং, টাচ পাত, কণ্ডম আৰু চোকা অস্ত্ৰ৷
লখিমপুৰ মেডিকেল কলেজৰ মূল প্ৰৱেশদ্বাৰতে স্থানীয় লোকে জব্দ কৰিছে এম্বুলেন্সখন৷
স্থানীয় ৰাইজে এম্বুলেন্সখন আৱদ্ধ কৰি খবৰ দিয়ে লীলাবাৰী আৰক্ষীক৷
আৰক্ষীয়ে এম্বুলেন্সখনৰ ভিতৰৰ পৰা জব্দ কৰিছে আপত্তিজনক সামগ্ৰীখিনি৷
এম্বুলেন্সখনৰ নম্বৰ AS-07C-6501
এম্বুলেন্সখন পুৱাল কোঁচ নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে৷
পুৱাল কোঁচে লখিমপুৰ মাৰোৱাৰী যুৱ মঞ্চৰ পৰা ক্ৰয় কৰিছিল এম্বুলেন্সখন৷
দীর্ঘদিনৰ পৰাই LMCHৰ প্ৰৱেশ পথৰ দাঁতিত থকা এম্বুলেন্স খনতে অসামাজিক কার্য সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ