অসম লাইভ২৪ঃ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ১ মে’ ৰ সন্ধিয়া চলিহাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷ অভিযোগ অনুসৰি শৃংখল চলিহাই বিহুৰ চান্দা তুলিবলৈ যাওঁতে এগৰাকী ব্যৱসায়ীক টেক্স বিচাৰিছিল৷ মানিক চান্দ কেডিয়া নামৰ ব্যৱসায়ীজনে টেক্স দিবলৈ মান্তি নোহোৱাত মুখত থুৱাই দিয়ে৷ এই থুৱাই দিয়াৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈ পৰাৰ লগতে ব্যৱসায়ীজনে থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক৷
আৰক্ষীয়ে ২ মে’ ৰ পুৱা চলিহাক এই গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। শিৱসাগৰৰ নিজা বাসগৃহৰ পৰাই চলিহাক আটক কৰি থানালৈ অনা হয়। ইপিনে শিৱসাগৰ জিলাত AJYCPৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল ম’ৰক কেন্দ্ৰ কৰি ইতিমধ্যে জিলাখন উত্তাল হৈ আছিল। এই ঘটনাৰ বাবে শৃংখল চলিহায়ো ম’ৰক ধমকি দিছিল। চলিহাক ধমক দিয়া ঘটনাৰ বাবে ঘৰতে গৃহবন্দী কৰা হৈছিল। এই ঘটনাক লৈ গ্ৰেপ্তাৰ নহ’লেও ২৮ এপ্ৰিলত মাণিক চান্দ কেডিয়াক থুওৱাক লৈ গোচৰ ৰুজু হোৱাত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে এই ঘটনাক লৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও মন্তব্য প্ৰকাশ কৰিছ৷ শৃংখল চলিহাক গ্ৰেপ্তাৰ সন্দৰ্ভত অখিল গগৈয়ে সামাজিক মাধ্যমত লিখিছে, ‘মই শৃংখল চলিহাক বেয়া পাইছো কিন্তু তাৰ পাছতো শৃংখলৰ পক্ষত আছোঁ৷ জাতীয় সংগঠনৰ নেতাক মাৰপিট কৰা বহিৰাগত ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ থানাত ধৰ্ণা দিব লাগে আৰু বিহুৰ চান্দা বিচাৰি যাওঁতে সংঘাত হোৱা জাতীয় সংগঠনৰ নেতাৰ ওপৰত বহিৰাগতই এজাহাৰ দিলে লগে লগে গ্ৰেপ্তাৰ কৰে। এয়াই “খিলঞ্জীয়া চৰকাৰ”ৰ আচল স্বৰূপ। গুণ্ডা ঠিকাদাৰক এতিয়ালৈকে জে’ললৈ নপঠিয়াই থানাত ৰাখি থোৱা হৈছে আৰু শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি বিতৰ্কিত ঠিকাদাৰক বচাব খোজা হৈছে। অভিযোগ অনুসৰি শৃংখল চলিহাই যদিহে মানুহক থুৱাইছে তেন্তে তেওঁ বেয়া কৰিছে। আমি শৃংখলক গৰিহনা দিছো, কিন্তু একেটা সময়তে চৰকাৰৰ বৈষম্য দৃষ্টিকটু হৈছে। বীৰ লাচিত সেনাৰ নেতা শৃংখলক অনতি বিলম্বে মুক্তি দিবলৈ আমি দাবী জনালোঁ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















