অসম লাইভ ২৪ঃ বলীউডৰ দিগ্বজ অভিনেতা মিঠুন চক্ৰৱৰ্তীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে। কাশ্মীৰত শ্বুটিঙত ব্যস্ত হৈ থকাৰ সময়তে অভিনেতাগৰাকী অসুস্থ হৈ পৰে। কাৰণ জাৰে কঁপোৱা কাশ্মীৰত ৱেব ছিৰিজৰ শ্বুটিঙৰ সময়ত মিঠুন চক্ৰৱৰ্তীৰ খাদ্যত বিষক্ৰিয়া হোৱাৰ বাবে অসুস্থ হৈ পৰে।
জনপ্ৰিয় অভিনেতাজন থিয় হ’ব পৰা নাই। খবৰ অনুসৰি মিঠুন চক্ৰৱৰ্তীয়ে কোনোমতে তেওঁৰ শ্বট সম্পূৰ্ণ কৰিছে। উল্লেখ্য যে মিঠুন চক্ৰৱৰ্তীয়ে এইকেইদিন মচুৰিত দ্য কাশ্মীৰ ফাইট চিনেমাৰ শ্বুটিঙতো ব্যস্ত আছিল। শ্বুটিংথলীত পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰী উপস্থিত আছিল। শ্বুটিঙৰ সময়তে অভিনেতা মিঠু চক্ৰৱৰ্তী ঢলি পৰে। অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ বাবে শ্বুটিং বন্ধ কৰি দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ