অসম লাইভ২৪ঃ ৰাজস্থানৰ ৩ লাখতকৈ অধিক গিগ শ্ৰমিকৰ বাবে ভালখবৰ। শ্ৰমিকৰ আত্মসন্মান আৰু আধিকাৰৰ বাবে কংগ্ৰেছ চৰকাৰে আনিছে নতুন আইন। এয়া ভাৰতৰ প্ৰথমখন আইন যি আইনে দেশৰ গিগ শ্ৰমিকসকলক আৰ্থিক সুৰক্ষা প্ৰদান কৰিব। কোটি কোটি যুৱক যুৱতীয়ে লাভ কৰিব নিৰ্ভৰযোগ্য নিযুক্তি।
ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰাৰ সময়ত বহুতো গিগ কৰ্মী, টেক্সি চালক, ডেলিভাৰী বয়ক তেওঁ লগ কৰিছিল। কৰ্মক্ষেত্ৰত অনিশ্চিত ভৱিষ্যত, ডেলিভাৰী বয়সকলে প্ৰায় প্ৰত্যেকসময়তে পদপথত যাত্ৰা কৰি থকাৰ সময়ত বিভিন্ন বিপদ আহিব পাৰে, কিন্তু তেওঁলোকৰ বাবে কোনো ইঞ্চুৰেন্সৰ ব্যৱস্থা নাই। তেওঁলোকে দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰে, কিন্তু তেওঁলোকৰ কোনো বিত্তীয় সুৰক্ষা নাই, চৰকাৰে তেওঁলোকৰ বাবে কোনোধৰণৰ ব্যৱস্থা কৰা নাই। সেয়ে বহুসময়ত ডেলিভাৰী বয়, টেক্সি চালকসকল দুৰ্ঘটনাত পতিত হ’লেও কোনোধৰণৰ বিত্তীয় সুবিধা লাভ নকৰে।
ৰাহুল গান্ধীয়ে টুইটাৰত শ্ৰমিকৰ এই অভাৱ অভিযোগক লৈ শ্বেয়াৰ কৰিছে এটা বিশেষ টুইট। ৰাহুলে টুইটত শ্ৰমিকৰ দুৰ্দশাৰ কথাবোৰ উল্লেখ কৰি ৰাজস্থানত এখন বিশেষ শ্ৰম আইন তৈয়াৰ কৰাৰ কথাও প্ৰকাশ কৰিছে। দেশত পোনপ্ৰথমবাৰৰ বাবে এই আইন অনাৰ সিদ্ধান্ত কিয় লৈছে তাৰো বাখ্যা দাঙি ধৰিছে ৰাহুলে।
তেওঁ শ্ৰমিকৰ বাবে আনিবলগা আইনখন সন্দৰ্ভত লিখিছে, ‘কৰ্ণাটকতো আমি এই বিষয়ে আলোচনা কৰিছো। শেহতীয়াকৈ তাত বাজেটত তেওঁলোকৰ বাবে ৪ লাখলৈকে দুৰ্ঘটনা বীমা ঘোষণা কৰা হৈছে। আমি এনে নীতি প্ৰস্তুত কৰিছো, যি নীতিয়ে শ্ৰমিক এজনক সুৰক্ষা প্ৰদান কৰে। আমি সদায় ভাৰতৰ দৰিদ্ৰ লোকৰ লগতে শ্ৰমিকৰ কাষত থিয় দিওঁ, যাতে তেওঁলোকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পায়। আমি যি প্ৰতিশ্ৰুতি দিওঁ, সেয়া পূৰণ কৰোঁ। যেতিয়া দেশৰ প্ৰতিজন শ্ৰমিক অৰ্থনৈতিকভাৱে স্বচ্ছল হ’ব, নিজৰ অধিকাৰসমূহৰ বিষয়ে তেওঁলোক জ্ঞাত হ’ব তেতিয়াই ভাৰত প্ৰকৃততে এক দেশ হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ