অসম লাইভ ২৪ঃ আজি সপোন পূৰণ হ’ব ৰাজ্যৰ ৪৪ হাজাৰ ৭০৩ গৰাকী নিবনুৱাৰ। খানাপাৰাত অনুষ্ঠিত হ’ব আজি অসম চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। ইয়াৰ সৈতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ১ লাখ সংস্থাপনৰ প্ৰতিশ্ৰুতিৰ দিশে আগবাঢ়িব।
আজিৰ এই নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব। কিছুদিন পূৰ্বে ৰাজ্যখনৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ।
ফলাফল ঘোষণাৰ পাছতেই সকলোকে ২৫ মে’ত খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱাকৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব বুলি জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই উদ্দেশ্যে গুৱাহাটীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ বিজাৰ সফল পৰীক্ষাৰ্থীয়ে ভিৰ কৰা দেখা গৈছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত সফল পৰীক্ষাৰ্থী সকলে লাভ কৰিব গৈ আছে তেওঁলোকৰ নিযুক্তিপত্ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ