অসম লাইভ২৪ঃ সলনি হ’ব বহুকেইখন ৰে’লৰ সময়সূচী। নতুন সময়সূচীৰ কথা প্ৰকাশ কৰিছে ভাৰতীয় ৰে’ল বিভাগে। দেশত চলি থকা মুঠ ২৪০ খন মেইল আৰু এক্সপ্ৰেছ ট্ৰেইন চলে। দেশৰ প্ৰায় ২কোটি ২৩ লাখ মানুহে প্ৰতি দিনে ট্ৰেনেৰে যাতায়াত কৰে।
২০২১ চনৰ পৰা দেশত ৬৫ হাজাৰতকৈও বেছি স্পেচিয়েল ৰে’ল দিয়া হৈছে। ৰে’লসমূহৰ ভিতৰত আছে বন্দে ভাৰত এক্সপ্ৰেছ, গতিমান এক্সপ্ৰেছ, ৰাজধানী এক্সপ্ৰেছ, শতাব্দী এক্সপ্ৰেছ, হমছফৰ এক্সপ্ৰেছ, তেজচ এক্সপ্ৰেছ, অন্ত্যেদয় এক্সপ্ৰেছ, গৰীৱ ৰথ এক্সপ্ৰেছ, সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ, যুৱ এক্সপ্ৰেছ, উদয় এক্সপ্ৰেছ, জনশতাব্দী এক্সপ্ৰেছ আদি। ইয়াৰোপৰি প্ৰতিদিনেই দেশত ৩ হাজাৰ পেছেঞ্জাৰ ট্ৰেইন চলে। ইপিনে দেশত চলা মেট্ৰ টেইনৰ সংখ্যা ৫৬৬০ খন।
এই ট্ৰেইনসমূহৰ সময়সূচী এতিয়া সলনি হ’ব। ভাৰতীয় ৰে’ল বিভাগে শনিবাৰে ৰে’লৰ সময় সলনিৰ কথা প্ৰকাশ কৰিছে। ৰে’ল বিভাগৰ অফিচিয়েল ৱেবচাইট www.indianrailways.gov.in-ত এই নতুন সময়সূচী পোৱা যাব।
উল্লেখ্য যে ভাৰতীয় ৰে’লৰ সময়ৰ কেলিমেলিক লৈ বিভিন্ন সময়ত যাত্ৰীয়ে অভিযোগ আনে। বেছিভাগ ৰে’লেই নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত ষ্টেচন নাপায়। এই সমস্যা সম্পৰ্কে দেশৰ জনসাধাৰণে অনা অভিযোগৰ বাবেই সময়সূচী সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাইছে ভাৰতীয় ৰে’ল বিভাগে। এই সালসলনিয়ে দেশৰ ৰে’ল বিভাগৰ সময়ানুবৰ্তিতা ৯ শতাংশ হ’লেও বৃদ্ধি কৰিব বুলি জনাইছে ভাৰতীয় ৰে’ল বিভাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ