অসম লাইভ২৪ঃ তিনি বছৰ পাৰ হৈ গৈছে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ জঁট এতিয়াও শেষ হোৱা নাই৷ মাত্ৰ ৩৪ বছৰ বয়সতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতে৷ ‘কাই পো চে, ধোনীঃ দ্যা আনটোল্ড ষ্ট’ৰী, দিল বেচাৰা’ৰ নায়ক সুশান্তৰ দেহ নিজ বাসগৃহতেই ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷ এয়া আছিল ২০২০ চনৰ ১৪ জুনৰ কথা৷ সুশান্তৰ মৃত্যুৰ বাবে বহুতকেই দায়ীও সজাইছিল একাংশই৷ মৃত্যুৰ সময় বাঢ়ি যোৱাৰ লগে লগেই বহুতেই পাহৰি পেলাইছে সুশান্তক৷ কিন্তু পৰিয়ালৰ লোকে জানো পাহৰিব পাৰিব? সুশান্তৰ পুৰণা স্মৃতি সোঁৱৰি তেওঁৰ জ্যেষ্ঠ ভগ্নী শ্বেতা সিংহ কীৰ্তিয়ে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷
সুশান্তৰ ভগ্নী শ্বেতা আমেৰিকাৰ বাসিন্দা৷ প্ৰতি বছৰেই সুশান্তৰ জন্মদিন আৰ মৃত্যুদিনত বিশেষ পোষ্ট শ্বেয়াৰ কৰে শ্বেতাই৷ মৃত্যুবাৰ্ষিকীত অভিনেতাজনৰ ভগ্নী শ্বেতাই তেওঁৰ সৈতে কথোপকথনৰ এখন ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ বিশেষ ছবিত সুশান্তই তেওঁৰ ভগ্নীক বিশেষ তিনিখন গ্ৰন্থ পঢ়াৰ নিৰ্দেশ দিছিল৷ ইয়াৰোপৰি সুশান্তই হাতে লিখা এখন নোটবুকৰ ছবিও শ্বেয়াৰ কৰিছে শ্বেতাই৷ তাত স্পষ্টকৈ দেখা গৈছে মহাকাশ বিজ্ঞান, পদাৰ্থবিদ্যা, ৰোবোটিক্সৰ দৰে বিষয় একোটাৰ ওপৰত টুকুৰা টুকুৰকৈ লিখা আছে৷
সুশান্তৰ স্মৰণত পোষ্টটোত শ্বেতাই লিখিছে, ‘আই লাভ ইউ ভাই! তোমাক বহুত মিছ কৰো৷ মই জানো আমাৰ জীৱনৰ সৈতে তুমি জড়িত হৈ আছা৷ তোমাৰ কথা মনলৈ আহি থাকে সেয়ে তুমি লিখা বিশেষ কথা পোষ্ট কৰিলো৷’
উল্লেখ্য যে সুশান্তৰ মৃত্যুৰ তিনি বছৰ পাৰ হৈছে৷ বৰ্তমানো প্ৰতিটো মুহূৰ্ততেই সুশান্তৰ পৰিয়ালে সুশান্তক সোঁৱৰে৷ টুকুৰা টুকুৰা স্মৃতিবোৰ শ্বেয়াৰ কৰি আহিছে সুশান্তৰ পৰিয়ালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ