• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
’২১ৰ নিৰ্বাচনত বিজেপিৰ বিকল্প কোন?

’২১ৰ নিৰ্বাচনত বিজেপিৰ বিকল্প কোন?

6 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

10 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

10 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

11 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

11 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

12 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

14 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

15 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

16 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

17 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

19 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

19 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

’২১ৰ নিৰ্বাচনত বিজেপিৰ বিকল্প কোন?

স্তব্ধ হ’বনে বিজেপিৰ বিজয়ৰ ঘোঁৰা?

editor by editor
July 11, 2020
in অসম, লেখা
0
’২১ৰ নিৰ্বাচনত বিজেপিৰ বিকল্প কোন?
43
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মোছাবিৰুল হক

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু আহিছে। মহামাৰী ক’ৰোনা চলি থকা সময়তো কিন্তু বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী কুচ-কাৱাজ চলাই আছে। ২০১৪ চনৰ আগলৈকে বিজেপিৰ নাম-গোন্ধ নথকা অসমত এতিয়া বিজেপিয়ে সৰ্বেসৰ্বা। বিশেষকৈ তৰুণ গগৈ নেতৃত্বধীন তৃতীয়বাৰৰ চৰকাৰৰ মাজত উদ্ভৱ বিসম্বাদ আৰু চৰকাৰে ৰাইজৰ বিপৰীতে থিয় দিয়াৰ ফলতেই ২০১৬ চনত দিছপুৰৰ পৰা গগৈ চৰকাৰ উফৰিল। সেই সময়লৈ বিৰোধী শক্তিশালী নাছিল। ক’বলৈ গ’লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিৰোধী দলৰ ভূমিকা পালন কৰি আহিছিল। চৰকাৰবিৰোধী জনমত গঠন কৰাত আজিৰ কাৰাৰুদ্ধ অখিল গগৈ আছিল এক নম্বৰ সেনানী। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থত আনকি অখিলে বিজেপিক মুকলিভাৱে সমৰ্থন জনাইছিল। আজি অখিলৰ মুক্তি দাবী কৰা কংগ্ৰেছে সেই সময়ত অখিল গগৈক অমানৱীয় অত্যাচাৰ চলাইছিল। আৰু সেই সময়ত লোকসভা নিৰ্বাচনত মুকলি সমৰ্থন কৰি চৰকাৰবিৰোধী ঢৌ সৃষ্টি কৰি বিজেপিক অসম শাসন কৰিবলৈ সুযোগ আনি দিয়া অখিল গগৈক বিজেপিয়ে মাহৰ পাছত মাহ ধৰি এটাৰ পাছত এটাকৈ গোচৰ জাপি দি জে’লৰ ভিতৰত ৰাখিছে। অভিযোগ উঠা মতে, ন্যূনতম মানৱীয় দৃষ্টি ৰখাতো চৰকাৰে কৃপণালি কৰিছে। হয়তো সেই সময়ত অখিলে কংগ্ৰেছৰ বিকল্প হিচাপে নিজে দল গঠন কৰি সন্মুখৰ পৰা ৰাজনৈতিক নেতৃত্ব দিলে আজিৰ তাৰিখত বিজেপিৰ চৰকাৰ নহৈ অখিলৰ চৰকাৰ হ’লেহেতেন! সেই সময়ত অখিল গগৈ কৃষকৰ নেতা হিচাপে জনপ্ৰিয়তাৰ শীৰ্ষ স্থানত আছিল। আছুতকৈ কৃষক মুক্তিৰ গ্ৰহণযোগ্যতা বেছি আছিল। এতিয়া বহু পৰিমাণে অখিলৰ জনপ্ৰিয়তা কমি আহিছে। গেৰুৱা ৰাজনীতিৰ শিপা ইমানেই শক্তিশালী হৈ পৰিছে যে চৰকাৰী ব্যৰ্থতা,গণতান্ত্ৰিক আন্দোলন দমনৰ নামত চলা স্বৈৰাচাৰিতা আদিও জনগণৰ মন তিলমানো প্ৰভাৱান্বিত কৰিব পৰা নাই। তাৰ বিপৰীতে পৰিকল্পিতভাৱে ৰাইজৰ আগত তুলি ধৰা হৈছে হিন্দু–মুছলমানৰ মাজৰ বিভেদ আৰু বিদ্বেষ। মানুহে আজিকালি ধৰ্মক লৈ বেছি চৰ্চা আৰম্ভ কৰিছে। অসমখন আগৰে পৰা সাম্প্ৰদায়িকতাৰ কাৰণে উৰ্বৰ ভূমি। বিশেষকৈ অবৈধ বাংলাদেশী ইছ্যুটোৱে এনে সাম্প্ৰদায়িক শক্তিৰ মূলধন। অবৈধ বাংলাদেশী সমস্যাটোক বিজেপিয়ে সাম্প্ৰদায়িক ৰূপ দি উপস্থাপন কৰাত সফল হ’ল। ‘কা’ গৃহীত হোৱাৰ সময়ত হোৱা সেই অসমজুৰি আন্দোলনৰ প্ৰভাৱ লাহে লাহে স্তিমিত হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মাই সেই আন্দোলনৰ কিছু দিন পাছতেই শান্তি সমদলৰ নামত ‘কা’ আন্দোলনক ভেঙুচালি কৰি বিজেপিক ফ্ৰণ্ট ফুটত আনিলে। পাকে–প্ৰকাৰে অসমখনৰ মূল শক্ৰ  মুছলমান- এই কথাটো প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ল।আদৰ্শগত মত পাৰ্থক্য থাকিলেই এই কথা মানিবই লাগিব যে নেতাজনৰ সাধাৰণ লোকক কনভিন্স কৰাৰ সক্ষমতা বেছি। যাৰ কাৰণে বহু কথা ৰহণ সানিও অতি সুপৰিকল্পিত আৰু সুন্দৰ ৰকমে উপস্থাপন কৰাত ৰাইজ বহু সময়ত পতিয়ন যায়। বিজেপিয়ে নিজ চৰকাৰে কি কৰিছে সেই কথাটো ৰাইজক জনাই ভোট লাভৰ চেষ্টা কৰাতকৈ কিদৰে বিজেপি বিৰোধী দল, ব্যক্তি-সংগঠনবোৰক মুছলমানৰ মিত্ৰ আৰু বিজেপি হিন্দুৰ মিত্ৰ মুছলমানৰ শত্ৰু সেই কথাটো প্ৰতিষ্ঠা কৰিবলৈ দিনে–নিশাই প্ৰয়াস কৰি থাকে। আনকি এনে আক্ৰমণৰ পৰা সাৰি নাযায় আছুৰ দৰে জাতীয়বাদী সংগঠনো। কংগ্ৰেছক মুছলমানৰ দল হিচাপে বিজেপিয়ে প্ৰতিষ্ঠা কৰাত সফল হৈছে। সেই একে শাৰীতে বাঁওপন্থী, ছাত্ৰ সন্থা, বিজেপিবিৰোধী শক্তিবোৰকো অহৰ্নিশে মুছলমানৰ পক্ষত থকা বুলি ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰে। কংগ্ৰেছে বিজেপিৰ এনে নিকৃষ্ট ৰাজনীতিৰ পৰা ৰক্ষা পাবলৈ কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। বিজেপিবিৰোধী আন আন শক্তিবোৰেও এই কথাটো এতিয়াই লক্ষ্য কৰিব লাগিব। ২০২১ চনৰ নিৰ্বাচনটো যাতে কোনোপধ্যেই হিন্দু আৰু মুছলমানৰ মাজৰ নিৰ্বাচন নহয় তাক প্ৰতিষ্ঠা কৰিব লাগিব বিজেপিবিৰোধী শিবিৰে। তাৰ কাৰণে বিজেপিবিৰোধী সমগ্ৰ দল–সংগঠনে ৰণনীতি তৈয়াৰ কৰিব লাগিব। কিন্তু তাৰ আগতে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যে আচলতে ২০২১ চনত বিজেপিৰ বিকল্প কোন? কংগ্ৰেছ আগৰে পৰা ফিল্ডত আছে। অজিত ভূঞাৰ নেতৃত্বত আন এক বিকল্প ৰাজনৈতিক দল গঠন হৈছে। আছুৱেও ৰাজনৈতিক দল গঠন কৰিব বুলি কৈ আছে। হয়তো অচিৰেই আছুৰ ঔৰসৰ দলে আত্মপ্ৰকাশ কৰিব। অখিল গগৈও ২০২১ চনত দল গঠন কৰিব বুলি ঘোষণা কৰি থৈছে। জে’লৰ পৰা ওলালে হয়তো অখিলৰ নেতৃত্বত আৰু এক নতুন দলে আত্মপ্ৰকাশ কৰিব পাৰে! ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত একমাত্ৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত ভোট বিভাজনৰ কাৰণেই প্ৰায় ২০টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছিল। বিজেপিৰ থিংক টেংক বৰ গধুৰ। বিশেষকৈ হিমন্ত বিশ্ব সুচতুৰ ৰাজনীতিবিদ। দুই দশকজুৰি বৰ ওচৰৰ পৰা ৰাজনৈতিক অংকবোৰৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। বিজেপিৰ বিৰুদ্ধে এটাৰ পাছত আন এটা দল জন্ম হোৱাক চাই হয়তো শৰ্মাই হাঁহিছে। বিজেপিবিৰোধী এই আটাইবোৰ শক্তি ঐক্যবদ্ধভাৱে ৰণনীতি প্ৰস্তুত কৰি যুঁজখন আগুৱাই লৈ যাব পৰা যায়। ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰিব অসমত ৰাজনৈতিক বিকল্পৰ ভৱিষ্যতৰ সম্পূৰ্ণ ৰূপৰেখা। বিজেপিৰ তথাকথিত হিন্দুত্ববাদী কাৰ্ডক পৰাস্ত কৰিবলৈ ধৰ্মনিৰপেক্ষ আৰু বিজেপি বিৰোধী(আদৰ্শগত মত পাৰ্থক্য থাকিলেও)শক্তি এক হ’ব লাগিবই। ৩১ শতাংশ ভোটেৰে বিজেপিয়ে ২০১৬ চনত চৰকাৰ গঠন কৰিছে।ঐক্যবদ্ধ যুঁজত হয়তো বিজেপিয়ে পৰাজয় স্বীকাৰ কৰিব লাগিব। কিন্তু আজিৰ দিনলৈকে বিজেপি বিৰোধী শক্তিবোৰ বিভিন্ন গোটত বিভক্ত হয় থকাৰ বিপৰীতে বিজেপি কিন্তু এজিপি,গণশক্তি,ৰাভা আৰু বিপিএফৰে একেলগে আছে। যিটো শাসকীয় দলৰ ইতিবাচক দিশ। তদুপৰি ধন বল, প্ৰশাসনিক বলত আজিৰ তাৰিখত ক’বলৈ গ’লে শাসকীয় দলটো ফ্ৰন্ট ফুটতেই আছে। বিজেপিবিৰোধী শিবিৰে বিষয়বোৰ কিদৰে মোকাবিলা কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ’ব।

(মোছাবিৰুল হক এগৰাকী জনপ্ৰিয় যুৱ লেখক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajit kumar bhuyanakhil gogoiAPCCasom live 24assam bjpassam live 24axom live 24kmssleft font of assammusabirul hauqe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
লকডাউনৰ জাৰিৰ পূৰ্বে দুদিন খোলা দিয়ক

লকডাউনৰ জাৰিৰ পূৰ্বে দুদিন খোলা দিয়ক

সুশান্তৰ মৃত্যুত হাত আছে ডাউদ ইব্ৰাহিমৰ! RAWৰ প্ৰাক্তন বিষয়াৰ বিস্ফোৰক দাবী।

সুশান্তৰ মৃত্যুত হাত আছে ডাউদ ইব্ৰাহিমৰ! RAWৰ প্ৰাক্তন বিষয়াৰ বিস্ফোৰক দাবী।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.