অসম লাইভ২৪ঃ অনলাইন ধন উপাৰ্জনৰ অন্যতম এক মাধ্যম হৈছে টুইটাৰ। এই প্লেটফৰ্মৰ জৰিয়তে কেনেকৈ ধন উপাৰ্জন কৰিব পাৰি? জটিলতাৰ উত্তৰ দিছে টুইটাৰে। জটিলতা দূৰ কৰিবলৈকে ক্ৰিয়েটৰসকলৰ বাবে নতুন আৰ্নিং প্ৰগ্ৰাম লঞ্চ কৰিছে টুইটাৰে। এই উপায়ৰ জৰিয়তে মাহে মাহেই মোটা অংকৰ ধন পাব ক্ৰিয়েটৰে। সম্প্ৰতি টুইটাৰত একাধিক পৰিবৰ্তন আনিছে এলন মাস্কে। নীলা চৰাই সলনি কৰি ল’গটো ‘X’ কৰিছে। এলনে সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা টুুইটাৰত শ্বেয়াৰ কৰা সকলোবোৰক টুইট কোৱাৰ সলনি পোষ্ট বুলি কোৱা হ’ব। ইউজাৰসকলৰ ওপৰিও ক্ৰিয়েটৰসকলে ইয়াৰপৰা ধন আয় কৰিব পাৰিব। পেমেণ্ট দিয়াৰ ব্যৱস্থা ৩১ জুলাইৰ পৰা আৰম্ভ কৰিছে টুইটাৰে। কিন্তু কেনেকৈ আয় কৰিব পাৰিব? তাৰবাবে কেইটামান বিশেষ চৰ্ত ৰাখিছে টুইটাৰৰ চিইঅ’ এলন মাস্কে।
কি চৰ্ত ৰাখিছে মাস্কে?
আয় কৰাৰ বাবে সৰ্বপ্ৰথমে ক্ৰিয়েটৰসকলৰ X ব্লু ছাবস্ক্ৰিপশ্ব্যন থাকিব লাগিব। ইয়াৰোপৰি বিগত ৩ মাহৰ অন্তত ১৫ মিলিয়ন ইম্প্ৰেছন আৰু ৫০০ ফলোৱাৰ্ছ থাকিব লাগিব। টুইটাক কৰ্তৃপক্ষৰ পৰা জনোৱা অনুসৰি ভেৰিফাইড ব্লু ছাবস্ক্ৰিপশ্ব্যন লাগিব। এনে ক্ৰিয়েটৰে প্ৰাথমিক অৱস্থাত ৫০ ডলাৰ লাভ কৰিব। টুইটাৰত আয় কৰাৰ ক্ষেত্ৰত কোনো জটিলতা নাই বুলি জনাইছে টুইটাৰৰ চিইঅ’ই। উপৰোক্ত চৰ্ত মানি চলাসকলে X ব্লু আৰু ভেৰিফায়েড অৰ্গেনাইজেশ্ব্যন ছাবস্ক্ৰাইবাৰ লাগিব। ক্ৰিয়েটৰে এড ৰেভিনিউ শ্বেয়াৰিং আৰু ক্ৰিয়েটৰ ছাবস্ক্ৰিপশ্ব্যন এই দুই ধৰণে আয় কৰিব পাৰিব। আন সামাজিক মাধ্যমৰ দৰেই ক্ৰিয়েটৰসকলে মনিটাইজেশ্ব্যনৰ চৰ্তসমূহ মানি চলিব লাগিব। ধন লাভৰ বাবে ষ্ট্ৰাইপ একাউণ্ট থকাটো জৰুৰী বুলি জনাইছে টুইটাৰ কৰ্তৃপক্ষই।
এড ৰেভিনিউ শ্বেয়াৰিং প্ৰগ্ৰাম ১৪ জুলাইৰ পৰা আৰম্ভ কৰিছে এলন মাস্কে। টুইটৰ ৰিপ্লাইতেই এড দেখা যাব। এই এডৰ পৰাই উপাৰ্জন কৰিব পাৰিব ধন। টুইটাৰ কৰ্তৃপক্ষই এই ধনৰ ৫০ শতাংশ ক্ৰিয়েটৰক প্ৰদান কৰিব। কিন্তু ইয়াৰবাবে ৫০০ ফলোবাৰ্ছ আৰু ১৫ মিলিয়ন ইম্প্ৰেছন থাকিব লাগিব। সংস্থাই জনোৱা অনুসৰি আৰ্থিক, ব্যৱসায়িক কিংবা আইনগত কাৰণত কোনো ক্ৰিয়েটৰে এই প্ৰগ্ৰামৰ পৰা ইচ্ছানুসৰি লেফ্ট মাৰিবও পাৰিব। উক্ত নিয়ম মানি চলি ধন উপাৰ্জন কৰিব পাৰিব ক্ৰিয়েটৰসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















