অসম লাইভ ২৪ঃ প্ৰায় ১ কিলোমিটাৰৰ যানজঁট আমাৰ অচিনাকী নহয়। কিন্তু সুদীর্ঘ ৭০০ কিলোমিটাৰৰ যানজঁট আমাৰ কল্পনাৰো অগোচৰ। ফ্ৰান্সৰ পেৰিছত সৃষ্টি হ’ল এই অভিলেখকাৰী যানজঁট। ক’ৰোনা ভাইৰাছৰ ভংয়কৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সত দ্বিতীয়বাৰৰ বাবে ল’কডাউন ঘোষণা কৰিছে। ৪ সপ্তাহৰ বাবে ঘোষণা কৰা হৈছে এই লকডাউন। লকডাউন ঘোষণাৰ লগে লগে জনতাই অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় আৰু জৰুৰী কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে ৰাজপথলৈ ওলাই আহে। পৰিণতিত সৃষ্টি হ’ল ৭০০ কিলোমিটাৰ দীঘল যানজঁটৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ