অসম লাইভ ২৪ঃ ভয়ানক ঘটনা। নাৰী নিৰ্যাতনৰ বহু ঘটনা প্ৰতিদিনেই সংঘটিত হোৱাৰ খবৰ ওলায়। কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত এক খবৰ। মহিলাৰ কামনাৰ বলি হ’ল এটি ৯ বছৰীয়া বালক। এগৰাকী মহিলাই অতৃপ্ত কামনা পূৰণৰ বাবে বাছি ল’লে নিকৃষ্টতম পন্থা। এটি অবুজ শিশুক আহিলা কৰি ল’লে কামনা পূৰণৰ। ৩৬ মহিলাগৰাকীৰ বিৰুদ্ধে এটি ৯ বছৰীয়া ল’ৰাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা সপ্তাহত সংঘটিত এই ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। কেৰালাত সংঘটিত হৈছে এই ভয়ানক ঘটনা। ইতিমধ্যে থেনিপাল্লাম আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে বলাৎকাৰৰ গোচৰ ৰুজু কৰিছে। স্থানীয় চিকিৎসকে কণমানি ল’ৰাটোৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ