অসম লাইভ ২৪ঃ বিৰোধীৰ বিৰোধিতা, কৃষকৰ আত্মহত্যা, কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদলৰ পদত্যাগ একোৱেই ৰুধিব নোৱাৰিলে কৃষি বিধেয়কক। লোকসভাৰ পাছত ৰাজ্য সভাত মৌখিক ভোটত গৃহীত হ’ল ফর্মার্ছ প্ৰডিউছ ট্ৰেড এণ্ড কমার্চ (প্ৰমোচন এণ্ড ফেচিলিয়েচন) আৰু ফার্মার্ছ (এমপাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন) এগ্ৰিমেণ্ট অন প্ৰাইচ এণ্ড ফার্ম ছার্ভিচেজ শীর্ষক বিধেয়ক দুখন। ৰাজ্যই ৰাজ্যই হোৱা কৃষকৰ প্ৰতিবাদক সম্পূর্ণ আওকাণ কৰি সংখ্যাৰ অংকৰে দুয়োখন বিধেয়ক দুয়োখন সদনত গৃহীত কৰালে চৰকাৰে। বিধেয়ক গৃহীত হোৱাত যাতে কোনো বাধা আহিব নোৱাৰে তাৰ বাবে বিজেপি সাংসদসকলক সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছিল শাসকীয় দলটোৱে। কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰাৰ লগে লগে সৃষ্টি হয় হুলস্থূলীয়া পৰিস্থিতিৰ। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আকালি দল, আম আদমী পার্টীৰ সাংসদসকলে তীব্ৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। TMCৰ সাংসদ ডেৰেক অ’ ব্ৰায়ানে সদনৰ ৰুল বুক ফালি পেলায়, ভাঙি পেলায় মাইক। এই হুলস্থূলীয়া পৰিৱেশৰ মাজতে সম্পন্ন হ’ল মৌখিক ভোট। সদনৰ এই বিশৃংখল তথা হৈ-হাল্লাৰ মাজত বিধেয়ক গৃহীত হোৱাত আশ্চর্য প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূ়ঞাই। সাংসদগৰাকীৰ স্পষ্ট অভিযোগ, কৃষকৰ প্ৰতিবাদক আওকাণ কৰি সংসদীয় ৰীতি-নীতি ভংগৰে এই বিধেয়ক ৰাজ্য সভাত গৃহীত কৰা হ’ল। ইয়াৰ উপৰি কৃষি বিধেয়কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ