১ লাখ কোটি টকাৰ বাজেট দিল্লীৰ, এইবাৰ ৫০০ কোটিৰে চাফা কৰা হ’ব যমুনা
ৰাজধানী দিল্লীৰ নতুন বিজেপি চৰকাৰে আজি ২৫ মাৰ্চ তাৰিখ মঙলবাৰে দাখিল কৰে বাজেট। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ১ লাখ কোটি টকাৰ বাজেটৰ প্ৰস্তাৱ আগবঢ়াইছে। আজি সোমবাৰৰ পৰা ‘খীৰ’ অনুষ্ঠানেৰে আৰম্ভ হোৱা দিল্লী বিধানসভাৰ পাঁচ দিনীয়া বাজেট অধিৱেশন চলিব।
আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সদনত বাজেট দাখিল কৰে। প্ৰায় ২:১৫ ঘণ্টাৰ এই বাজেট ভাষণত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিল্লীৰ বাবে বহু ডাঙৰ ডাঙৰ ঘোষণা কৰিলে। মঙলবাৰে মুখ্যমন্ত্রী তথা বিত্তমন্ত্রী ৰেখা গুপ্তাই ২৭ বছৰৰ পাছত দিল্লীত ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ প্রথমখন বাজেট দাখিল কৰে৷
এইবাৰ দিল্লীৰ বাবে ১ লাখ কোটি টকাৰ বাজেট দাখিল কৰা হয়। পূৰ্বৰ বাজেটতকৈ ৩১.৫% বেছি বাজেটৰ থিম ‘ডেভেলপড দিল্লী বাজেট’ হিচাপে ৰখা হৈছে।
এইবাৰ দিল্লী বাজেটৰ মূখ্য দিশ সমূহ এনে ধৰণৰ-
মহিলা সমৃদ্ধি যোজনাৰ বাবে ৫১০০ কোটি টকাৰ প্ৰস্তাৱ
প্ৰসূতি বন্দনা আঁচনিৰ বাবে ২১০ কোটি টকা
দিল্লীৰ পথ আৰু নলা পৰিষ্কাৰ কৰাত অগ্ৰাধিকাৰ
দিল্লীৰ গ্ৰাম্য আৰু আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিয়া।
পি এম শ্ৰী স্কুলৰ লাইনত দিল্লীত শিশুৰ বাবে মুকলি হ’ব নতুন চি এম শ্ৰী স্কুল।
দিল্লীৰ যমুনা নদী চাফা কৰাৰ বাবে ৫০০ কোটি টকাৰ বাজেট
দিল্লীৰ ১০০খন চৰকাৰী বিদ্যালয়ত মুকলি হ’ব লেংগুৱেজ লেব
সমাজ কল্যাণৰ ওপৰত উন্নয়নৰ বাবে ১০০৪৭ কোটি টকা
দিল্লীৰ পানীৰ সমস্যা সমাধানৰ বাবে পানীৰ টেংকাৰত জিপিএছ স্থাপন কৰা হ’ব
দিল্লীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া লেপটপ দিয়াৰ ঘোষণা
দিল্লীৰ জ্যেষ্ঠ নাগৰিকে পাব পেণ্ডিং অনুদান, ইয়াৰ বাবে আবণ্টিত ২০ কোটি টকা
দিল্লীৰ ব্যৱসায়ীসকলৰ বাবেও ট্ৰেডাৰ্ছ ৱেলফেয়াৰ ব’ৰ্ড গঠন কৰা হয়
অংগনবাড়ী কেন্দ্ৰসমূহ সক্ষম অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ’ব
দিল্লীৰ সংযোগ বৃদ্ধিৰ বাবে ১০০০ কোটি টকা
দিল্লীয়ে আৰু ৫০০০খন ইলেক্ট্ৰিক বাছ পাব
দিল্লী মেট্ৰ’ৰ কামৰ বাবে ৯২৯ কোটি টকাৰ বাজেট
গিগ কৰ্মীৰ বাবে গঠন কৰা হ’ব কল্যাণ ব’ৰ্ড।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ