বেংকসমূহে মানুহৰ চাহিদা পূৰাবলৈকে বিভিন্ন ঋণ দিয়ে৷ ইয়াৰ মাজত আছে গৃহঋণ, গাড়ীৰ ঋণ, শিক্ষা ঋণ৷ ইয়াৰ মাজতে ব্যক্তিগত ঋণ বুলিও এক ঋণ আছে৷ গ্ৰাহকে সাধাৰণতে তেওঁলোকৰ ব্যক্তিগত চাহিদা দূৰ কৰিবলৈ ব্যক্তিগত ঋণ লয়৷ ব্যক্তিগত ঋণ লোৱাৰ ক্ষেত্ৰত বিভিন্ন বেংকৰ সুদৰ হাৰ তুলনা কৰা গুৰুত্বপূৰ্ণ৷
এই প্ৰতিবেদনত ভাৰতৰ অন্যতম চৰকাৰী বেংক, বেংক অফ বৰোদাৰ পৰা লোৱা ব্যক্তিগত ঋণ সম্পৰ্কে আলোকপাত কৰা হৈছে৷ বেংক অফ বৰোদাৰ গ্ৰাহকক সস্তা সুদৰ হাৰত ব্যক্তিগত ঋণ দিয়ে৷ এই বেংকৰ সুদৰ হাৰ সম্পৰ্কে আৰু জানি থওক সবিশেষ৷
বেংক অফ বৰোদাৰ ব্যক্তিগত ঋণ
বেংক অফ বৰোদা এক চৰকাৰী বেংক৷ এই বেংকে তেওঁলোকৰ গ্ৰাহকক ভাল সুদৰ হাৰত ব্যক্তিগত ঋণ দিয়ে৷ গ্ৰাহকে এই বেংকৰ পৰা ব্যক্তিগত ঋণ ল’ব পাৰে৷ বৰোদা বেংকৰ পৰা ব্যক্তিগত ঋণৰ প্ৰাথমিক সুদৰ হাৰ ১০.৪০ শতাংশ৷ গ্ৰাহকৰ ছিবিল স্কোৰ, আয় আৰু ঋণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ পৰিবৰ্তিত হব পাৰে৷
১০ লাখ টকাৰ ব্যক্তিগত ঋণৰ মাহিলী EMI?
যদি কোনো গ্ৰাহক বেংক অফ বৰোদাৰ পৰা ১০.৪০ শতাংশ সুদত ৭ বছৰৰ বাবে ১০ লাখ টকাৰ ব্যক্তিগত ঋণ ললে প্ৰতিমাহে EMI হ’ব ১৬,৮০৯ টকা৷ ৭ বছৰত গ্ৰাহকে মুঠ ১৪,১১,৯২২ টকা দিব লাগিব৷ ইয়াৰ মাজত ৪,১১,৯২২টকা সুদ হিচাপে পৰিশোধ কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















