অসম লাইভ ২৪ঃ কোভিড যুদ্ধত জয়ী এগৰাকী ১০৫ বছৰীয়া বৃদ্ধা। মাত্ৰ ৯ দিনতে কোভিডক জয় কৰি সাহস আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছে গুজৰাটৰ ছুৰাটৰ উজিবা গোণ্ডালিয়া। ১১ এপ্ৰিলত কোভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল উজিবা গোণ্ডালিয়া। মাত্ৰ ৯ দিনৰ ভিতৰত কোভিড নিগেটিভ হৈ চিকিৎসালয়ৰ পৰা নিজগৃহত উপস্থিত হয় গুজৰাটৰ ১০৫ বছৰীয়া বৃদ্ধা উজিবা গোণ্ডালিয়া।

ছুৰাটৰ সমৰ্পণ হাস্পতালত চিকিৎসাধীন হৈ আছিল বৃদ্ধাগৰাকী। পুত্ৰৰ পৰা ক’ৰোনা সংক্ৰমিত হৈছিল উজিবা গোণ্ডালিয়াৰ। সমৰ্পণ হাস্পতালৰ চিকিৎসক আৰু নাৰ্ছসকলেও ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱাৰ মন্ত্ৰ হিচাপে লৈছে উজিবা গোণ্ডালিয়াৰ কাহিনীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















