ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন
পেহেললগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতৰ পৰা এই পৰ্যন্ত কোনো সামৰিক ব্যৱস্থা হোৱা নাই যদিও পাকিস্তানৰ বিভিন্ন অঞ্চলত এক ভয়ৰ পৰিৱেশ স্পষ্টকৈ দেখা যায়। এফালে কৰাচীত ১৪৪ ধাৰা জাৰি কৰা হৈছে। এতিয়া খাইবাৰ জিলাৰ জামৰুদ অঞ্চলত ১২ দিনীয়া স্মাৰ্ট লকডাউন ৰূপায়ণ কৰা হৈছে।
অৱশ্যে চৰকাৰী কাৰণ Monkey POxৰ ঘটনা বুলি কোৱা হৈছে। উপ আয়ুক্ত কেপ্তেইন (অৱসৰপ্ৰাপ্ত) বিলাল শ্বাহিদ ৰাৱে জাৰি কৰা নিৰ্দেশ অনুসৰি এই সময়ছোৱাত অঞ্চলটোত মানুহৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব।
পাকিস্তানৰ খাইবাৰ জিলাৰ জামৰুদ অঞ্চলৰ ‘পাম্প হাউচ গুণ্ডী মহল্লা’ত মাংকী পক্সৰ ঘটনা সংঘটিত হোৱাৰ পাছত সমগ্ৰ স্থানীয় অঞ্চলটোত ১২ দিনীয়া লকডাউন ঘোষণা কৰিছে প্ৰশাসনে।
যদিও স্থানীয় প্ৰশাসনে স্বাস্থ্যজনিত কাৰণত এই সিদ্ধান্ত লোৱা বুলি কৈছে, বিশেষজ্ঞসকলৰ মতে ভাৰতৰ পৰা সম্ভাৱ্য প্ৰতিশোধৰ বাবে ইতিমধ্যে পাকিস্তানৰ স্পৰ্শকাতৰ অঞ্চলত সতৰ্কতা মোডত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, পেহেলগাম আক্ৰমণৰ পিছত এতিয়ালৈকে ভাৰতৰ ফালৰ পৰা কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা নাই যদিও পাকিস্তানৰ নিৰাপত্তা সংস্থাসমূহ বিভিন্ন অঞ্চলত সষ্টম হৈ আছে। কৰাচীত ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰা হৈছে যদিও এতিয়া খাইবাৰৰ দৰে অঞ্চলতো প্ৰশাসনিক কঠোৰতা দেখা গৈছে। অৰ্থাৎ ভাৰতে এতিয়াও কোনো ব্যৱস্থা লোৱা নাই যদিও পাকিস্তানৰ ভিতৰতে ইয়াৰ ভয় লকডাউনৰ ৰূপত দেখা দিবলৈ আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















