দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ
১৪ বছৰীয়া বৈভৱে ৩৫ বলত ১০০ ৰান কৰি যি ৰেকৰ্ডৰ গৰাকী হৈ সমগ্ৰ ক্ৰিকেট বিশ্বতে খলকনি তুলিছিল, সেই বৈভৱে এইবাৰ নিবিচৰা সত্তেও , দুৰ্ভাগ্যবশতঃ এক নিৰ্লজ্জ ৰেকৰ্ডৰো গৰাকী হয়। যি ৰেকৰ্ডৰ পৰা সাধাৰণতে পলাই ফুৰে খেলুৱৈ সকল।
কালি ১ মে’ তাৰিখে অনুষ্ঠিত হৈ যোৱা ৰাজস্থান আৰু মুম্বাই দলৰ মাজৰ খেলখনতেই নিৰ্লজ্জ ৰেকৰ্ডৰ গৰাকী হয় বৈভৱ সূৰ্যবংশী। কালি দ্বিতীয়টো বলতে শূণ্যতে আউট হয় বৈভৱ। যাৰ পাছতে নিবিচৰাকৈ এক ৰেকৰ্ডৰ গৰাকী হয় বৈভৱ।
আই পি এলৰ খেলত শূণ্যতে আউট হোৱা সবাতোকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ। লগতে টি-২০ ক্ৰিকেটত শূণ্যতে আউট হোৱা দ্বিতীয়গৰাকী কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ সূৰ্যবংশী।
এদিনতে দুটাকৈ লজ্জাজনক ৰেকৰ্ড বৈভৱৰ নামত সন্নিবিষ্ট হয়। টি-২০ত শূন্যত আউট হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈৰ তালিকা অনুসৰি-
১৩ বছৰ আৰু ২৮৪ দিন – শ্বাহ মুৰিদ – লাহোৰ – ২০১২
১৪ বছৰ আৰু ৩৫ দিন – বৈভৱ সূৰ্যবংশী – জয়পুৰ – ২০২৫
১৪ বছৰ আৰু ৩১৩ দিন – জৰ্জ চেছেই – লাগোছ – ২০২১
১৫ বছৰ আৰু ৮১ দিন – ৰেমণ্ড ককাৰ – ৰুৱাণ্ডা – ২০২২
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ