অসম লাইভ২৪ঃ ১২ মে অৰ্থাৎ আজি পঞ্জিকা অনুসৰি ব’হাগ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি৷ চন্দ্ৰই আজি মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ দিনজুৰি থাকিব শুভ বুধাদিত্য যোগৰ প্ৰভাৱ৷ বিগত ১০ মেত অক্ষয় তৃতীয়াৰ দিনাই মেষ ৰাশিত গোচৰ কৰিছে বুধে৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে সূৰ্যই৷ বুধ আৰু সূৰ্যৰ যুঁটিতেই মেষ ৰাশিত গঠন হৈছে বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি আজি দিনজুৰি থাকিব ৰবি যোগ৷ আদ্ৰা নক্ষত্ৰৰ প্ৰভাৱো আজিৰ দিনটোত থাকিব৷ ইয়াৰ ফলত আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ হিন্দুধৰ্মমতে দেওবাৰ সূৰ্য দেৱতাৰ প্ৰিয় দিন৷ ১২ মে দেওবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ৷ আজি আপোনাৰ মন আনন্দৰে পৰিপূৰ্ণ হৈ থাকিব৷ নিজৰ দক্ষতাৰে আপুনি সকলোকে মোহিত কৰিব পাৰিব৷ বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত সকলো কামতেই সফলতা আহিব৷ বিদেশৰ পৰা ভাল চাকৰিৰ অফাৰ আহিব পাৰে৷ কোনো ডাঙৰ সুযোগে আপোনাৰ সন্মুখত ধৰা দিব পাৰে৷
কন্যা ৰাশি
আজিৰ দিনটো কন্যা ৰাশিৰ জাতকৰ বাবে আশাব্যঞ্জক৷ সাফল্যৰ শীৰ্ষস্থানত উপনীত হ’ব আপুনি৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি হ’ব আপোনাৰ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে শুভ সময় কটাব পাৰিব৷ বন্ধুৰ সৈতে ভাল সময় কটাব৷ কাইলৈ সম্পত্তি সংক্ৰান্তীয় কোনো ডাঙৰ খবৰ লাভ কৰিব৷
মকৰ ৰাশি
বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত দুৰ্দান্ত হ’ব মকৰ ৰাশিৰ দিন৷ আত্মবিশ্বাস তুংগত থাকিব৷ জীৱনত প্ৰচুৰ আনন্দ থাকিব৷ কোনো ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ মকৰ ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে কাইলৈ কোনো পৰীক্ষাত সুফল লাভ কৰিব৷ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানত যাব পাৰে৷ পাৰিবাৰিক সকলো দায়িত্ব আপুনি সুকলমে পালন কৰিব৷
বৃশ্চিক ৰাশি
ৰবি যোগৰ শুভ প্ৰভাৱত দেওবাৰে শুভ ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ভাগ্যই সংগ লাখ কৰিব৷ নিজৰ আৰ্থিক অৱস্থা উন্নত হ’ব৷ কেৰিয়াৰত কোনো বৃহৎ সাফল্য আহিব পাৰে৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লব পাৰে৷
মীন ৰাশি
আদ্ৰা নক্ষত্ৰৰ প্ৰভাৱত শুভ দিন চলিছে মীন ৰাশিৰ জাতকৰ৷ আপুনি প্ৰচুৰ এনাৰ্জীত টগবগাই থাকিব৷ আপোনাৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আৰু ভালপোৱা বৃদ্ধি পাব৷ নিজৰ কামৰ ভাল ফল লাভ কৰিব৷ ব্যৱসায়ীসকলে কোনো নতুন ব্যৱসায়ত বিনিয়োগ কৰিলে শুভ ফল পাবই৷ আৰ্থিক ভাৱেই আজিৰ দিনটো শুভ মীন ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ