নেৰানেপেৰা বৰষুণৰ বাবে উত্তৰ ছিকিমত এতিয়া ভয়াৱহ বান৷ পৰ্যটকৰ প্ৰথম পছন্দ লাচুঙৰ সৈতে সমগ্ৰ ৰাজ্যৰেই যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে৷ ৰাজ্য চৰকাৰে জনোৱা অনুসৰি বিপৰ্যয়ৰ বাবে ছিকিমত এতিয়াও ১২০০ পৰ্যটক আৱদ্ধ হৈ আছে৷ ইয়াৰে ১৫ জন বিদেশী পৰ্যটক৷ বিদেশী পৰ্যটকৰ ভিতৰত ১০ জন বাংলাদেশৰ, তিনিজন নেপাল আৰু দুজন থাইলেণ্ডৰ বাসিন্দা৷ তেওঁলোকক দ্ৰুতভাৱে উদ্ধাৰ কৰিবৰ বাবে ইতিমধ্যেই ব্যস্ত হৈ পৰিছে প্রশাসন৷
লাচুং জিলা প্ৰশাসনৰ সূত্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি মঙ্গন আৰু চুংথাঙৰ সংযোগকাৰী বেইলী সেতুও ভাঙি পৰিছে৷ বানৰ বাবে বহু ৰাস্তা ইতিমধ্যে চিঙি গৈছে৷ বহু ঘৰ উটি গৈছে বানত৷ ভাঙি পৰিছে বিদ্যুতৰ খুঁটা যাৰবাবে বিদ্যুৎ সেৱা বন্ধ কৰি দিয়া হৈছে৷ এই পৰিস্থিতিত উদ্ধাৰকাৰী দল সেই স্থানলৈ যাবলৈকো কোনো বাটপথ নাই বুলি জনাইছে প্ৰশাসনে৷ ইতিমধ্যেই ছিকিমৰ মুখ্যসচিবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বাৰ্তালাপ কৰিছে৷ ৰাস্তাৰে গৈ পৰ্যটকক উদ্ধাৰ কৰা একেবাৰে অসম্ভৱ হৈ পৰিছে যাৰবাবে আকাশীপথেই এতিয়া শেষ ভৰষা হৈ পৰিছে উদ্ধাৰকাৰী দলৰ বাবে৷
এই অৱস্থাত ছিকিমৰ মুখ্যমন্ত্ৰীও অৰুণাচলত আছে৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেমসিং তামাং উপস্থিত হৈছে অৰুণাচলত৷ অৰুণাচলৰ পৰাই সমগ্ৰ পৰিস্থিতিৰ বুজ লৈ আছে মুখ্যমন্ত্ৰী প্ৰেমসিং তামাঙে৷ তেওঁ এক বিবৃত্তিযোগে কয়, ‘ক্ষতিগ্ৰস্থ পৰিয়ালক আমি যথাসম্ভৱ সহায় কৰিবলৈ চেষ্টা চলাইছো৷ ঘৰ হেৰুওৱা ব্যক্তিক নিৰাপদ আশ্ৰয়শিৱিৰলৈ নিয়াৰ ব্যৱস্থা চলাই আছে প্ৰশাসনে৷’
ইতিমধ্যেই বানত ভাঙি পৰিছে ১০ নং ৰাষ্ট্ৰীয় ঘাইপথো৷ এই পৰিস্থিতিত পৰ্যটকৰ যাতায়াতৰ বিকল্প পথপশ্চিমবংগৰ প্ৰশাসনে মুকলি কৰি দিছে৷ জনোৱা অনুসৰি সৰু বাহনে মানছং-১৭ মাইল আলগাড়া-লাভা-গৰুবাথান হৈ শিলিগুৰিলৈ আহিব পাৰিব৷ তুলনামূলকভাৱে গধুৰ বাহন পেডং-আলগাড়া-লাভা গৰুবাথান হৈ শিলিগুৰিলৈ আহিব৷ ইয়াৰোপৰি কালিম্পংৰ পৰা দাৰ্জিলিং যোৱাৰ বাবে ব্যৱহাৰ কৰা হ’ব ২৭ মাইলৰ পৰা তিস্তা ভেলী হৈ যোৱা পথ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ