অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ গড়চিৰোলীত নক্সালবিৰোধী অভিযান। মহাৰাষ্ট্ৰ আৰক্ষী আৰু নক্সালবাদীৰ মাজৰ মুখা-মুখি সংঘৰ্ষত নিহত হয় ১৩ গৰাকী নক্সালবাদী। শুকুৰবাৰে গড়চিৰোলীৰ এটাপল্লী অৰণ্যত মহাৰাষ্ট্ৰ আৰক্ষীৰ c-60 ইউনিটে অপাৰেচন চলায়। অভিযানকালত আৰক্ষী আৰু নক্সালবাদীৰ মাজৰ সংঘৰ্ষত নিহত হয় ১৩ গৰাকী নক্সালবাদী। গড়চিৰোলীৰ dig সন্দীপ পাটিলে অভিযান সফল বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। বৰ্তমানেও চলি আছে নক্সালবিৰোধী অভিযান। এতিয়াও এটাপল্লী অৰণ্যত বহুকেইগৰাকী নক্সালবাদী লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে। পূৰ্বেও মহাৰাষ্ট্ৰ আৰক্ষীয়ে নক্সালৰ বিৰুদ্ধে অভিযান চলাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ