অসম লাইভ ২৪ঃ কোভিডৰ চিকিৎসা পদ্ধতিৰ তালিকাৰ পৰা বাদ পৰাৰ সম্ভাৱনা ৰেমডেচিভিৰ। শেহতীয়াভাৱে ভাৰতত ৰেমডেচিভিৰ ব্যৱহাৰত নিষেধাজ্ঞাৰ চিন্তা-চৰ্চা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। দিল্লীৰ গংগাৰাম হাস্পতালৰ চেয়াৰমেন ডি এচ ৰাণাই জনাইছে এই কথা। বিগত বৰ্ষতেই কোভিড চিকিৎসাৰ এণ্টি-ভাইৰেল ড্ৰাগৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছিল বিশ্ব স্বাস্থ্য সংস্থাই। ৰেমডেচিভিৰ বন্ধ কৰিলেও কোনো ক্ষতি নহয় বুলি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই। কিছুদিন পূৰ্বে কোভিড চিকিৎসাৰ ক্ষেত্ৰত প্লাজমা থেৰাপিৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰিছিল স্বাস্থ্য মন্ত্ৰালয়ে। বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বেও এই ঔষধ প্ৰয়োগৰ ক্ষেত্ৰত বহুবাৰ সতৰ্ক কৰিছিল। ইউ এচ ফাৰ্মা জায়েণ্ট গিলেডৰ দ্বাৰা তৈয়াৰী ৰেমডেচিভিৰে প্ৰথম অৱস্থাত কোভিড ৰোগীক সুস্থ কৰিছিল যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ এক অধ্যয়নত পোহৰলৈ আহিছে, কোভিড ৰোগীৰ চিকিৎসাত ৰেমডেচিভিৰ প্ৰভাৱ নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ