ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ BSNL হৈছে চৰকাৰী টেলিকম সংস্থা, যিয়ে বহু বছৰ ধৰি পৰিসেৱা দি আহিছে৷ সম্প্ৰতি বেচৰকাৰী টেলিকম সংস্থাসমূহৰ জনপ্ৰিয়তা বাঢ়িলেও গ্ৰাহকৰ মাজত বিএছএনএল ব্যৱহাৰৰ প্ৰৱণতা আকৌ বাঢ়িছে৷ দেশৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ টেলিকম সংস্থা ৰিলায়েন্স জিঅ’ই সম্প্ৰতি তেওঁলোকৰ ৰিচাৰ্জ প্লেনসমূহত সালসলনি আনিছে৷ ৰিচাৰ্জ প্লেনৰ দাম ১২.৫ শতাংশৰ পৰা বঢ়াই ২৫ শতাংশ কৰা হৈছে৷ কেৱল সেয়াই নহয়, অন্যান্য টেলিকম সংস্থা এয়াৰটেল আৰু ভোডাফোনেও দাম বঢ়াইছে৷ ফলত এতিয়া চিন্তাত পৰিছে গ্ৰাহকসকল৷
পৰিসেৱাৰ দিশৰ পৰা অৱশ্যে বেচৰকাৰী টেলিকম সংস্থাসমূহতকৈ বহু পিছ পৰি আছে BSNL, বেচৰকাৰী কোম্পানীসমূহে য’ত ৫জি পৰিসেৱা যোগান ধৰিছে, সেই BSNLয়ে 4G পৰিসেৱা প্ৰদাৱ কৰিছে৷ এসময়ত BSNLয়ে দেশৰ শীৰ্ষস্থানীয় টেলিকম সংস্থা আছিল৷ গ্ৰাহকৰ সংখ্যাও আছিল বহু বেছি৷
আজিৰ পৰা প্ৰায় ২০-২৫ বছৰ পূৰ্বে টেলিকমৰ বজাৰত বিএছএনএলৰ শ্বেয়াৰ আছিল ১৮শতাংশতকৈ বেছি, যি এতিয়া কমি হৈছেগৈ ২.৫শতাংশ৷ কিন্তু কিছুদিন পূৰ্বৰে পৰা আকৌ BSNLৰ প্ৰতি আগ্ৰহ বাঢ়িছে গ্ৰাহকৰ৷ জুলাই মাহৰ প্ৰথম ১৫ দিনত ১৫ লাখতকৈয়ো বেছি মানুহে BSNL ৰ কানেকছন লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ